Operation Sindoor: অপাৰেচন সিন্দূৰ পাছত ইউৰোপ ভ্ৰমণ বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সূত্ৰ অনুসৰি এই মাহত প্ৰধানমন্ত্ৰীয়ে ক্ৰ’ৱেচিয়া, নৰৱে, নেদাৰলেণ্ড ভ্ৰমণ কৰাৰ কথা আছিল। খবৰ অনুসৰি এই ভ্ৰমণ বাতিল কৰা হৈছে। কিয় এই ভ্ৰমণ বাতিল কৰা হ’ল সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে জ্ঞাত সূত্ৰৰ মতে এনে স্পৰ্শকাতৰ পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশৰ বাহিৰত থাকিব নিবিচাৰে।
পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত মোডীয়ে তেওঁৰ ৰাছিয়া ভ্ৰমণো বাতিল কৰিছিল। এই মাহত দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিৰ বিজয়ৰ ৮০ বছৰ পূৰ্ণ হ’ব।
সেই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৯ মে’ত মস্কোত অনুষ্ঠিত হ’বলগীয়া ‘বিজয় দিৱস’ উদযাপনত অংশগ্ৰহণ কৰাৰ কথা আছিল।কিন্তু সূত্ৰ অনুসৰি যুদ্ধকালীন এই পৰিস্থিতিৰ বাবে তেওঁ ৰাছিয়া ভ্ৰমণ বাতিল কৰিছে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে জনাইছে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ বিজয় দিৱস উদযাপনত উপস্থিত নাথাকিব।
ইয়াৰ পাছতে জনা যায় যে প্ৰধানমন্ত্ৰীয়ে ইউৰোপৰ তিনিখন দেশৰ ভ্ৰমণো বাতিল কৰিছে। ৰাছিয়া ভ্ৰমণৰ অন্তত মোডীয়ে ক্ৰ’ৱেচিয়া, নৰৱে আৰু নেদাৰলেণ্ড ভ্ৰমণৰ কথা আছিল। কিন্তু এতিয়াৰ বাবে সেই ভ্ৰমণলৈ নাযায় প্ৰধানমন্ত্ৰীগৰাকী।
উল্লেখ্য যে, ভাৰতীয় সেনাই মঙলবাৰে নিশা অপাৰেচন সিন্দূৰ আৰম্ভ কৰে । তাৰ পাছতে আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিদেশ ভ্ৰমণ বাতিল কৰে । ফলত প্ৰশ্ন উত্থাপন হয়, অপাৰেচন সিন্দূৰৰ পাছত ভাৰতে পুনৰ পাকিস্তানক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছেনে? সেইবাবেই প্ৰধানমন্ত্ৰীয়ে দেশ এৰি ভ্ৰমণলৈ যাব নিবিচাৰে?
অপাৰেচন সিন্দূৰ পাছত পাকিস্তানেও প্ৰত্যুত্তৰ দিব পাৰে। সামগ্ৰিকভাৱে, প্ৰধানমন্ত্ৰীয়ে দেশৰ এনে এক সংবেদনশীল পৰিস্থিতিত দেশত থাকিব বিচাৰে। তেওঁ অপাৰেচন সিন্দূৰৰ ওপৰত ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই। অৱশ্যে, ভাৰতীয় সেনাই যিদৰে শত্ৰুৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে তাক লৈ মোডী গৌৰৱান্বিত।