Islamabad:
অপাৰেচন সিন্দুৰ’ৰ আঘাতত তাল হেৰুৱাই পেলাইছে ইছলামাবাদে। পহলগামৰ নৰসংহাৰৰ ১৪ দিনৰ পাছত প্রতিশোধ ল’লে ভাৰতীয় সেনাই। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (পিতা’কে) ৰ নটা স্থানত বুধবাৰে পুৱতি নিশা আক্রমণ চলাই সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতীয় সেনাই। ইয়াৰ পাছতে এই ঘটনাৰ প্রত্যাঘাতৰ ভাবুকি দিয়ে পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফে। সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ ১২-১৩ ঘণ্টাৰ পাছত একাংশ আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰে পাক পঞ্জাৱ প্ৰদেশৰ এলানি ফটো। প্রত্যাঘাতৰ বাবে যে ৰাৱালপিণ্ডিৰ সেনা বিষয়াসকল প্রস্তুত হৈছে, তাৰেই স্পষ্ট ইংগিত পোৱা গৈছে সেই ফটোসমূহত। অৱশ্যে ভাৰতৰ এই আক্ৰমণত যে কিছু পৰিমাণে পাকিস্তানে তাল-মান হেৰুৱাই পেলাইছে, তাৰো ইংগিত পোৱা গৈছে।
আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰা ফটোত পঞ্জাৱ প্ৰদেশৰ লাহোৰ সংলগ্ন মুৰিদকেৰ ৰাজপথত ট্রাকত উঠাই বহু সংখ্যক টেংক সৰবৰাহ কৰা দেখা গৈছে। লক্ষ্যণীয়ভাৱে সেই অঞ্চলতে আছে পাক সমর্থনপুষ্ট সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ মুখ্য কাৰ্যালয়। পহলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে তাতেই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে ভাৰতীয় সেনাই। এইদৰে ট্ৰাকত বোজাই কৰি টেংক ৰাজপথলৈ ওলাই বিষয়টোৰ অন্তৰালত একাংশ প্রতিৰক্ষা বিশ্লেষকে দুটা কাৰণ থাকিব পাৰে বুলি মত প্রকাশ কৰিছে। ভাৰতৰ স’তে পূর্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হোৱাৰ বাবে সেই টেংকবোৰ লাহে লাহে সীমান্তলৈ প্ৰেৰণৰ নিৰ্দেশ দিব পাৰে পাক সেনা প্রধান আছিম মুনিবে। অথবা নতুন দিল্লীৰ পৰৱৰ্তী আক্ৰমণৰ আতংকত টেংকসমূহ নিৰাপদ স্থানলৈ আঁতৰাই নিছে ইছলামাবাদে।
দ্বিতীয়খন ফটোত দেখা গৈছে হাতত একে-৪৭ ৰাইফল লৈ ৰাস্তাৰ দাঁতিত থিয় দি থকা এজন পাক সেনা জোৱানৰ কাষেৰে পাৰ হৈ গৈছে এখন বগা ৰঙৰ গাড়ী। আন্তর্জাতিক সংবাদ মাধ্যমসমূহে দাবী কৰিছে যে সেই গাড়ীত আছিল ৰাষ্ট্ৰসংঘৰ একাংশ প্রতিনিধি। তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেই সেই জোৱান নিয়োজিত হৈছিল। তদুপৰি সন্ত্রাসবাদীৰ ঘাটিত ভাৰতৰ আক্ৰমণত নিহত এজন লোকৰ শেষকৃত্যৰ ফটোও পোহৰলৈ আহিছে। ইছালামীয় ৰীতি মাতি তাত এজন ধর্মগুৰুসহ একাংশ লোকে নতশিৰ কৰি থিয় দি আছে। সন্মুখত আছে নিহতজনৰ কফিন। নিহত লোকজন পাক সমর্থন পুষ্ট কোন সন্ত্রাসবাদী সংগঠনৰ বা তেওঁ কিমান ডাঙৰ নেতা, সেয়া এতিয়াও পোহৰলৈ অহা নাই।
ইছলামাবাদে দাবী কৰিছে যে পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্ফ্ফ্ফৰবাদৰ বিলাল মছজিদত আক্ৰমণ কৰিছে ভাৰতে। ধ্বংসস্তূপত পৰিণত হোৱা উক্ত অঞ্চল পৰিদৰ্শন কৰে ৰাষ্ট্ৰসংঘৰ কেইজন মান প্রতিনিধিয়ে। তেওঁলোকৰ লগত আছিল পাকিস্তানী সেনাৰ একাংশ উচ্চপদস্থ বিষয়া। সেই ফটোও প্রকাশ কৰিছে আন্তর্জাতিক সংবাদ মাধ্যমে। আক্ৰমণৰ পাছতে মুজফ্ফৰবাদৰ বিলাল মছজিদৰ ৰাস্তাসহ সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ চাদৰৰে ঢাকি পেলায় পাক সেনাই। পথৰ পাকে পাকে সশস্ত্র বাহিনী নিয়োজিত কৰা হৈছে। অঞ্চলটোৰ বাসিন্দাসকলক স্বাধীনভাৱে ঘূৰা-পকা কৰাটো নিষেধ কৰা হৈছে বুলি এক সূত্রই সদৰী কৰিছে। ভাৰতৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত উৰি যোৱা বিলাল মছজিদৰ ধ্বংসস্তূপ ভালদৰে নিৰাক্ষণ কৰে পাক সেনাৰ উচ্চপদস্থ বিষয়াসকলে। উক্ত ধর্মীয় স্থানক সন্ত্রাসবাদীৰ ঘাটিৰূপে ব্যৱহাৰ কৰি থকাৰ অভিযোগ দীর্ঘদিনৰ পৰাই আছে। তাৰ পৰাই মৌলবাদৰ বিষবাষ্প বিয়পাই দিছিল ইছলামাবাদৰ সমর্থনপুষ্ট সন্ত্রাসবাদী নেতাসকলে। নতুন দিল্লীৰ প্রত্যাঘাতত উৰি যায় উক্ত মছজিদৰ ছাদ আৰু গম্বুজ। ভাঙি পৰে চৌপাষৰ প্ৰাচীৰো।
তদুপৰি পাক পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলাই ভাৰতীয় সেনাই। সেই স্থানৰ ধ্বংসস্তূপৰ ফটোও প্রকাশ কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। ইছলামাবাদে দাবী কৰিছে যে বাহাৱালপুৰৰ এখন মাদ্রাছাত নতুন দিল্লীয়ে আক্ৰমণ কৰিছে। ফলত নিৰীহ নাগৰিকে প্ৰাণ হেৰুৱাইছে। যদিও এই দাবী মানি লোৱা নাই নৰেন্দ্ৰ মোদী চৰকাৰে। বাহাৱালপুৰত ভাৰতৰ আক্রমণত নিহত এজন লোকৰ কফিনবন্দী দেহ সমাধিস্থ কৰাৰ প্ৰস্তুতিৰ ফটোও প্ৰকাশ কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। শেষকৃত্যস্থলীত উপস্থিত থকা লোকসকল সন্ত্রাসবাদী কার্যকলাপৰে জড়িত হয় নে নহয়, সেয়া স্পষ্ট নহয়। সেইদৰে নিহত লোকজনৰ পৰিচয়ো পাক চৰকাৰে সদৰী কৰা নাই। অৱশ্যে তেওঁৰ কফিন বগা কাপোৰৰে ঢকা আছিল।
পাক পঞ্জাৱ প্ৰদেশৰ মুৰিদকে অঞ্চলৰ এটা সন্ত্রাসবাদীৰ ঘাটিও ভাৰতীয় সেনাই উৰুৱাই দিয়ে। সেই অঞ্চলতো সেনা জোৱান নিয়োজিত কৰিছে ৰাৱালপিণ্ডিৰ সেনা বিষয়াই। লগতে নমুনা সংগ্ৰহৰ বাবে সমগ্ৰ অঞ্চলটো ঘেৰি থোৱা হৈছে। ধ্বংসস্তূপৰ ফটো দেখি সেয়া কোনো সন্ত্রাসবাদী নেতাৰ বাসস্থান বুলি ধাৰণা কৰা হৈছে। মুৰিদকেত ভাৰতীয় ক্ষেপণাস্ত্র আক্ৰমণত উৰি যোৱা সন্ত্রাসবাদীৰ ঘাটিসমূহত উদ্ধাৰ কাৰ্য চলোৱাৰ বাবে শ্বৰিফ চৰকাৰে বিশেষ বাহিনী নিয়োজিত কৰিছে। ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰা সন্ত্রাসবাদীসকলৰ জীৱন ৰক্ষা কৰাই যে সেই বাহিনীৰ মূল উদ্দেশ্য তাত কোনো সন্দেহ নাই। একাংশ বিশ্লেষকে আকৌ দাবী কৰিছে যে সম্প্রতি প্রমাণ নষ্ট কৰিব বিচাৰিছে ইছলামাবাদে।
আন্তর্জাতিক সংবাদ মাধ্যমৰ ফটোত দেখা গৈছে যে আক্ৰমণৰ ১২ৰ পৰা ১৪ ঘণ্টাৰ পাছতো মুজফ্ফ্ফৰপুৰৰ বিলাল মছজিদৰ পৰা ধোঁৱা ওলাই আছে। মছজিদৰ ওপৰৰ গম্বুজ উৰি যোৱাত লোৰ নক্সা ওলাই পৰিছে। কেমেৰাৰ লেন্সত সেয়া ধৰা পৰিছে। তদুপৰি বাহাৱালপুৰৰ এটা ঘৰৰ মাজত পাকিস্তানৰ জাতীয় পতাকাৰে ঢাকি ৰখা কে’বাটাও কফিনৰ ফটোও আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰিছে। এই ক্ষেত্ৰতো নিহতসকলৰ প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে অতীতত পাকিস্তানে বহুবাৰ সন্ত্রাসবাদীসকলক স্বাধীনতা সংগ্ৰামী বা নায়কৰ মৰ্যাদা প্রদান কৰি আহিছে। সেয়ে ইয়াত আচৰিত হ’বলগীয়া একো নাই বুলিয়ে মত প্রকাশ কৰিছে একাংশ প্রতিৰক্ষা বিশ্লেষকে।