Kerala: কেৰালাৰ মালাপ্পুৰম জিলাত পুনৰ নিপাহ ভাইৰাছ সংক্ৰমণ লোকৰ সন্ধান পোৱা গ’ল।ভেলাঞ্চেৰী পৌৰসভাৰ বাসিন্দা এগৰাকী ৪২ বছৰীয়া মহিলা এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।
স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, বৰ্তমান সংক্ৰমিত মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে,বিগত ২৫ এপ্ৰিলৰ পৰা মহিলাগৰাকী জ্বৰত আক্ৰান্ত হৈ আছিল ।আৰু তাৰ পাছত এক মে’ত চিকিৎসকৰ পৰামৰ্শমতে মহিলাগৰাকীৰ কেবাটাও পৰীক্ষা সম্পন্ন কৰে।
প্ৰাথমিক পৰীক্ষাত মহিলাগৰাকী নিপাহত আক্ৰান্ত বুলি জানিব পৰা গৈছে। পাছত চিকিৎসকে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীত পৰীক্ষা কৰি এই কথা নিশ্চিত কৰে।
এই খবৰ বিয়পি পৰাৰ লগে লগে কেৰালা চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মহিলাগৰাকীৰ ঘৰৰ আশে-পাশে থকা তিনি কিলোমিটাৰ এলেকাক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। ইয়াৰ পাছতে আঠ মে’ত স্বাস্থ্যমন্ত্ৰী ভিনা জৰ্জে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।
অঞ্চলটোৰ বাসিন্দাসকলক মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’বলৈ কোৱা হৈছে।অঞ্চলটোৰ সকলো বিদ্যালয় বৰ্তমান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মহিলাগৰাকীৰ পৰিয়ালৰ সাতজন সদস্যকে ধৰি মুঠ ২১জন লোকৰ তেজৰ পৰীক্ষা কৰা হয়। অৱশ্যে তেওঁলোকৰ ৰিপৰ্ট নেগেটিভ আহিছে।