Delhi Airport:দিল্লী বিমানবন্দৰত বিমান সেৱা সম্পূৰ্ণ স্বাভাৱিক। বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী বিমানবন্দৰত নিৰাপত্তা কিছু পৰিমাণে বৃদ্ধি কৰা হৈছে।
যাত্ৰীসকলক নিৰাপত্তাৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। শনিবাৰে বিয়লিলৈকে বন্ধ থাকিব দেশৰ ২৭টা বিমানবন্দৰ। ফলত বহু বিমান সেৱা বাতিল কৰা হৈছে। কৰ্তৃপক্ষই যাত্ৰীসকলক আগতীয়াকৈ জাননী দি বিমানবন্দৰত উপস্থিত হ’বলৈ পৰামৰ্শ দিছে।
দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে,”দিল্লী বিমানবন্দৰত সেৱা স্বাভাৱিক। অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিৰ ফলত কিছুমান বিমানৰ সময়সূচী প্ৰভাৱিত হৈছে। নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। সংশ্লিষ্ট বিমান সংস্থাৰ স’তে পৰীক্ষা কৰি যাত্ৰা আৰম্ভ কৰক।”
বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলকো কেবাটাও পৰামৰ্শ আগবঢ়াইছে। লাগেজ কঢ়িয়াই নিয়াৰ নিয়ম মানি চলিবলৈ, নিৰাপত্তাৰক্ষীক সহযোগ কৰিবলৈ, কেৱল চৰকাৰী বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ, ছ’চিয়েল মিডিয়াত ভিত্তিহীন বাতৰিৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।
বিমানবন্দৰত যাত্ৰীৰ বাহিৰে আন কোনো লোকক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব বুলি ঘোষণা কৰা হৈছে।
পাকিস্তানত ভাৰতে প্ৰতিশোধ লোৱাৰ পাছতে বৃহস্পতিবাৰে ২৭টা বিমানবন্দৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে।
এই তালিকাত চণ্ডীগড়, শ্ৰীনগৰ, অমৃতসৰ, লুধিয়ানা, ভুণ্টাৰ, কিশনগড়, পাটিয়ালা, শিমলা, কংৰা-গাগল, বথিন্দা, জয়ছলমেৰ, যোধপুৰ, বিকানেৰ, হালৱাৰা, পাঠানকোট, জম্মু, লেহ, মুন্দ্ৰা, জামনগৰ, হিৰাসৰ (ৰাজকোট), পোৰবন্দৰ, কেশোদ, কণ্ডলা আৰু ভূজ আদি আছে।
পউল্লেখ্য যে,ৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই বিমান সংস্থাসমূহে ইটোৰ পাছত সিটো বিবৃতি প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াই নিৰ্ধাৰিত প্ৰস্থান সময়ৰ কমেও তিনি ঘণ্টা পূৰ্বে বিমানবন্দৰত যাত্ৰী উপস্থিত হ’ব লাগে বুলি জানিবলৈ দিছে।