Bomb Scare: ৰাজস্থানৰ জয়ছালমেৰৰ এখন গাঁৱত এক ‘বোমা সদৃশ বস্তু’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে পুৱা গাঁৱৰ ৰাইজে বোমা সদৃশ বস্তুটো পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে স্থানীয় প্ৰশাসনক খবৰ দিয়া হয়। সেনা আহি উপস্থিত হৈ দ্ৰুততাৰে অঞ্চলটো খালী কৰে।
ই বোমা নে নহয়,এতিয়াও স্পষ্ট নহয় ।আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা মাধ্যমক জনোৱা মতে, কোটোৱালি থানা এলেকাৰ কিশংঘাটৰ নিবাসী অৰ্জুন নাথে পুৱা নিজৰ ঘৰৰ সন্মুখত পৰি থকা সন্দেহজনক বোমা সদৃশ এই বস্তুটো প্ৰত্যক্ষ কৰে।
ইয়াৰ পাছতে তেওঁ গাঁৱৰ মুৰব্বীক খবৰ দিয়ে, তাৰ পাছত তৎক্ষণাৎ আৰক্ষীযক খবৰ দিয়া হয়। ঘটনাস্থলীত আহি উপস্থিত হয় সেনা। অঞ্চলটোত সতৰ্কবাণী জাৰি কৰা হৈছে।
বোমা নিষ্কাশনকাৰী দলকো অৱগত কৰা হয়। কোটৱালি আৰক্ষী থানাৰ অধীক্ষক প্ৰেম ডানে জানিবলৈ দিয়া মতে, বস্তুটো বোমা বুলি সন্দেহ কৰা হৈছে। কিন্তু সক্ৰিয় নে নিষ্ক্ৰিয় সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। বিশেষজ্ঞক মাতি অনা হৈছে।
বোমা সদৃশ বস্তুটোকলৈ এতিয়া সমগ্ৰ গাঁওখনতে আতংক বিয়পি পৰিছে। স্থানীয় লোকে জনোৱা মতে, বৃহস্পতিবাৰে গোটেই নিশা তেওঁলোক শংকাত পাৰ কৰে । নিশা সঘনাই চাইৰেন বাজি আছিল।মাজ নিশা বিস্ফোৰণৰ শব্দ । নিশা সমগ্ৰ অঞ্চলটোত ‘ব্লেকআউট’ হৈ পৰে।
পিছদিনা পুৱা ‘বোমা’ দেখি আৰু অধিক আতংকিত হৈ পৰে গাঁওবাসী।