India Pakistan Conflict: পাকিস্তানৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ ভাৰতে আৰম্ভ কৰিছে অপাৰেচন সিন্দূৰ।ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত বিয়পিবলৈ আৰম্ভ কৰিছে একাধিক ভুৱা ভিডিঅ’।
কোনোৱে যদি কৈছে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’লে ইন্ধন তেলৰ যোগান কমি যাব।
ইফালে কোনোৱে কৈছে, ভাৰত পাকিস্তানৰ যুদ্ধ (India Pakistan Conflict) ৰ বাবে দুই-তিনি দিনৰ বাবে বন্ধ থাকিব দেশৰ সকলো এটিএম ।
বৃহস্পতিবাৰে এই খবৰ বিয়পি পৰাৰ লগে লগে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে (পি আই বি) ভাইৰেল পোষ্টটো ফেক্ট চেক কৰি তথ্য সম্পূৰ্ণ মিছা বুলি জনাইছে।
এক্স হেণ্ডেলত এটা প’ষ্টত পিআইবিয়ে জনাই যে দুই তিনি দিন এটিএম বন্ধ হোৱাৰ খবৰ বিয়পি পৰাটো সম্পূৰ্ণ মিছা।
এই পৰিস্থিতিত দেশৰ এ টি এম সেৱা স্বাভাৱিক বুলি তেওঁলোকে সাধাৰণ জনতাক আশ্বাস দিছে। এটিএম সেৱা স্বাভাৱিকৰ দৰেই থাকিব।
ইফালে শুকুৰবাৰে ইণ্ডিয়ান অইলে এক্স হেণ্ডেলত দেশৰ জনসাধাৰণক আশ্বাস দি লিখিছে, “আমাৰ হাতত তেল আৰু এল পি জি গেছৰ পৰ্যাপ্ত মজুত আছে। তদুপৰি সেৱা সম্পূৰ্ণ স্বাভাৱিক। খৰখেদাকৈ কোনো সামগ্ৰী মজুত কৰিবলৈ চেষ্টা নকৰিব।”
ইফালে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত কেবাটাও ভুৱা ভিডিঅ’ বিয়পিবলৈ আৰম্ভ কৰিছে। যাৰ অধিকাংশই ইয়াৰ সত্যতা পৰীক্ষা নকৰাকৈয়ে পোষ্ট কৰা হৈছে। এনে পৰিস্থিতিত পিআইবিয়ে কোনো ধৰণৰ ভিডিঅ’ ভেৰিফিকেচন অবিহনে পোষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।