Cm Himanta Biswa Sarma;
:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো বিহু কমিটিক ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি ব্যাপক সহাৰী বিভিন্ন বিহু কমিটি আৰু কন্ঠ শিল্পীৰ ৷
ইতিমধ্যে জনপ্ৰিয় কন্ঠ শিল্পী মানস ৰবীনে সামাজিক মাধ্যম যোগে তেওঁৰ সকলো অনুষ্ঠানৰ বাতিলৰ ঘোষণা কৰে ৷ একেদৰে উজনিত বৰ্ণাৰ্ঢ্যভাৱে বিহু আয়োজন কৰা ‘চেপন কেন্দ্ৰীয় বিহু সন্মিলন’ৰ সকলো কাৰ্যসূচী বাতিলৰ ঘোষণা কৰে ।আয়োজকে ১৩ মে’ ভৃগু কাশ্যপ,১৪ মে’ আচুৰ্য বৰপাত্ৰ আৰু ১৫ মে’ত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৰাখিছিল ৷ একেদৰে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি নগাঁৱৰ ‘বৰদৈচিলা বিহু’ আৰু ‘বসন্ত উৎসৱ’ বাতিল ৷ আগন্তুক ১৬ আৰু ১৭ মে’ত আছিল বৰদৈচিলাৰ বিহু অনুষ্ঠান ৷
মহানগৰীৰ হাতীগাঁৱৰ নটবমা হাউচফেড চৌহদত অহা ১০ আৰু ১১ মে’ তাৰিখে অনুষ্ঠিত কৰিবলগীয়া বসন্ত উৎসৱ-২০২৫ অনুষ্ঠানটি সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি জানিব দিয়ে আয়োজকে ৷