Kashmir : পাক অধিকৃত কাশ্মীৰ উভতাই লোৱাৰ লক্ষ্য। এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ মধ্যস্থতা গ্ৰহণ কৰা নহ’ব। পাকিস্তানৰ স’তে আলোচনা মাত্ৰ সন্ত্রাসবাদ নির্মূল বিষয়তহে হ’ব পাৰে। দেওবাৰে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জম্মু-কাশ্মীৰ সমস্যাত মধ্যস্থতা প্ৰস্তাৱ নাকচ কৰি স্পষ্টকৈ জনালে ভাৰতে।
শনিবাৰে বিয়লি ড’নাল্ড ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বিষয়ে প্ৰথমবাৰ বিশ্ববাসীক জনাইছিল।
ট্ৰাম্পেই দেওবাৰে দুয়োখন দেশৰ স’তে কাশ্মীৰ সমস্যা সন্দৰ্ভত কথা পাতি সমাধান বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়াত যোগ দিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।
উল্লেখ্য যে,ভাৰতে আন্তৰ্জাতিক ক্ষেত্ৰখনত সদায় জোৰ দি আহিছে যে কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। আৰু এই বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ সহ্য কৰা নহ’ব।
আজি দিল্লীয়ে পুনৰ এবাৰ কঠোৰ সুৰত নিজৰ স্থিতি স্পষ্ট কৰিলে। একে সময়তে মোডী চৰকাৰে উল্লেখ কৰিছে যে পাকিস্তানৰ স’তে আলোচনা কেৱল সন্ত্ৰাসবাদ নিৰ্মূল আৰু সন্ত্ৰাসবাদীক গতাই দিয়াৰ ক্ষেত্ৰতহে হ’ব পাৰে।
তাৎপৰ্যপূৰ্ণভাৱে যুদ্ধবিৰতি হ’লেও সীমান্তৰ সিপাৰৰ পৰা আক্ৰমণ কৰিলে সেনাই উপযুক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইতিমধ্যে সীমান্তত থকা সেনা কামাণ্ডৰসকলক”সম্পূৰ্ণ স্বাধীনতা” প্ৰদান কৰিছে সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে।
সোমবাৰে ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ বৈঠকৰ কথা। তাৰ আগতে সেনাধ্যক্ষই স্পষ্টকৈ জনাই দিয়ে যে, “সীমান্তৰ সিপাৰৰ পৰা যদি কোনো আক্ৰমণ হয়, তেন্তে সেনাই তৎক্ষণাত প্ৰতিশোধ ল’ব লাগে।”