India-Pakistan Conflicts:ভাৰতে যুদ্ধ নিবিচাৰে। অৱশ্যে পহলগাম কাণ্ডৰ পাছত সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় আছিল !
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ স’তে বাৰ্তালাপৰ সময়ত তেওঁক এই কথা জনালে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ।
আনহাতে চীনে ভাৰত-পাকিস্তান সংঘাতত ‘মধ্যস্থতা’ কৰিবলৈও ইচ্ছা প্ৰকাশ কৰিছে। ৱাঙে কয় যে নতুন দিল্লী আৰু ইছলামবাদে আলোচনাৰ জৰিয়তে তেওঁলোকৰ মতানৈক্য সমাধান কৰিব পাৰিব বুলি আশা কৰিছে।
কেৱল সেয়াই নহয়, বেইজিঙে আশাবাদী যে দুয়োখন দেশে স্থায়ী যুদ্ধবিৰতিৰ পথত আগবাঢ়িব!
বিগত ২২ এপ্ৰিলত পহলগামত ২৬ জন লোক নিহত হোৱাৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক অৱনতি ঘটে ।এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে প্ৰত্যক্ষভাৱে পাকিস্তানক দোষাৰোপ কৰে।
অৱশ্যে আৰম্ভণিৰে পৰাই পাকিস্তানে এই অভিযোগ অস্বীকাৰ কৰি আহিছে। পহলগাম কাণ্ডৰ পাছত ভাৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত সক্ৰিয় হৈ পৰে।
ফলত ভাৰতে‘অপাৰেচন সিন্দূৰ’ অভিযান আৰম্ভ কৰে । ভাৰতে মঙলবাৰে মাজনিশা পাকিস্তান আৰু পাকিস্তান দখলত থকা কাশ্মীৰৰ কেবাটাও সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। তাৰ পাছৰে পৰা দুয়োখন দেশে ইজনে সিজনক গোলাবৰ্ষণ কৰি আহিছে। সীমান্ততেই হওক বা আকাশতেই হওক ড্ৰ’ন আক্ৰমণ অব্যাহত আছিল।
চাৰিদিন ধৰি ধাৰাবাহিকভাৱে গোলাবৰ্ষণ কৰাৰ অন্তত শনিবাৰে ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। প্ৰথমে এই কথা ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।পাছত দুয়োখন দেশৰ চৰকাৰেও যুদ্ধবিৰতি ঘোষণা কৰে।
উল্লেখ্য যে,সোমবাৰে (১২ মে’) দুপৰীয়া ১২ বজাত পুনৰ আলোচনাৰ বাবে দুয়োখন দেশৰ বৈঠক অনুষ্ঠিত হ’ব।
অৱশ্যে তেতিয়ালৈকে স্থল, জল আৰু আকাশত যুদ্ধবিৰতি চলি থাকিব।
সেই পৰিৱেশত চীনে ভাৰত আৰু পাকিস্তানৰ স’তে কথা পাতিছিল। ৱাং য়ীয়ে ড’ভালৰ সৈl’তে যেনেকৈ ফোনযোগে বাৰ্তালাপ কৰে , ঠিক তেনেদৰে তেওঁ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰৰ স’তেও বৰ্তাপাল কৰে ।
ভাৰতে যুদ্ধ বিচৰাৰ প্ৰস্তাৱক আদৰণি জনাইছিল ৱাঙে। অৱশ্যে একে সময়তে তেওঁ পাকিস্তানৰ কাষত থিয় দিয়াৰ বাৰ্তাও প্ৰদান কৰে। তেওঁ দাবী কৰে যে পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত চীনে পাকিস্তানৰ কাষত থিয় দিছে।
তেওঁ লগতে দাবী কৰে যে পাকিস্তানে কঠিন পৰিস্থিতিত যথেষ্ট সংযম দেখুৱাইছে। যুদ্ধবিৰতিৰ পাছত চীনৰ স্থিতিকো বহুতে “দুমুখীয়া” বুলি কটাক্ষ কৰিছে।