Anganwadi Centre :শিঙিমাৰী গাঁৱত অংগনৱাদী কৰ্মী বাচনি প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ গাঁওবাসীৰ

স্থানীয় প্ৰাৰ্থী বঞ্চিত হোৱাত উচিত তদন্তৰ দাবী গাঁওবাসীৰ

anganwadi

Anganwadi Centre :

কোকৰাঝাৰ জিলাৰ দোতমা শিশু উন্নয়ণ প্ৰকল্পৰ অধীনস্থ শিঙিমাৰী গোমাট খণ্ডত নতুনকৈ গঠন কৰা অংগনৱাদী কেন্দ্ৰত অংগনৱাদীকৰ্মী পদত স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি কেন্দ্ৰৰ এলেকাৰ বাহিৰৰ প্ৰাৰ্থী ৰেজিনা বেগমক বিটিছি চৰকাৰে নিযুক্তি প্ৰদান কৰাত ক্ষোভিত হৈছে গাঁওবাসী । আজি শিঙিমাৰী গোমাট গাঁৱত গাঁৱৰ ৰাইজে একগোট হৈ সংবাদ মাধ্যমৰ কাষ চাপি উচিত তদন্তৰ দাবী জনাই স্থানীয় প্ৰাৰ্থী ইফতিকাৰ বেগমক নিযুক্তি প্ৰদানৰ দাবী জনায় ।

Exit mobile version