Japanese lifestyle: জাপানীজসকল দীর্ঘায়ুৰ ৰহস্য কি? এই সন্দর্ভত মানুহৰ মনত প্ৰশ্নৰ অন্ত নাই। কিন্তু জাপানীসকলে কয় যে তেওঁলোকৰ দীর্ঘায়ুৰ আঁৰত কোনো গোপন কথা নাই।
নিয়মীয়া জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস। ইচ্ছা কৰিলে জাপানীসকলৰ দৰে খাদ্য গ্রহণ শিকিব পাৰে।
৮০ শতাংশৰ নিয়ম
এই বিশেষ অভ্যাসটোক সেই দেশৰ পৰিভাষাত ‘হাৰা হাচি বু’ বুলি কোৱা হয়, য’ত পেটটো মাত্র ৮০ শতাংশ ভর্তি হ’লে খোৱা বন্ধ কৰিব লাগে। ই পাচনতন্ত্ৰৰ উন্নতি সাধন কৰে। অলপ অলপকৈ খাব: একেলগে বৃহৎ আহাৰ খোৱাৰ পৰিৱৰ্তে গোটেই দিনটো সামান্য পৰিমাণে খাব লাগে। সকলো সময়তে একে খাদ্য খোৱাৰ পৰিৱৰ্তে শাক-পাচলি, মাছ-মাংস, বাদাম খাব পাৰে।
কিম্বন কৰা খাদ্য: জাপানীসকলে কে’বাটাও কিম্বনযুক্ত খাদ্য খায়, যেনে কিম্বন কৰা সৰিয়হ বা নাট্রো, মিছ আৰু বিভিন্ন আচাৰ। এই ধৰণৰ খাদ্যই পেটত থকা উপকাৰী বেক্টেৰিয়াবোৰক সুস্থ কৰি ৰাখে, বিপাকীয় হাৰ বৃদ্ধি কৰে আৰু তেনেকৈয়ে ওজন বৃদ্ধি ৰোধ কৰে।
ইকিগাই: ইকিগাই হৈছে জাপানীজ জীৱনশৈলী। এই পদ্ধতিত কোৱা হৈছে, কেৱল কিবা এটা কৰাৰ পৰিৱৰ্তে সেই কাৰ্যৰ আঁৰৰ কাৰণটো বুজিবলৈ চেষ্টা কৰক।
আৰু যিয়েই নৰকৰক একাগ্ৰতাৰে কৰা উচিত। জাপানী মানুহে খাদ্য খোৱাৰ সময়ত ম’বাইল ফোন বা টিভি চোৱাৰ পৰিৱৰ্তে নিজৰ খাদ্য গ্রহণত গুৰুত্ব দিয়ে।
ঋতু অনুসৰি ফলমূল আৰু শাক পাচলি খাওক: জাপানীসকলে সতেজ খাদ্য খাবলৈ ভাল পায়। ঋতু অনুসৰি পোৱা ফলমূল আৰু শাক-পাচলিও খাবলৈ ভাল পায়। ফ্র’জেন শাক-পাচলি আৰু প্রচেছড খাদ্য পৰিহাৰ কৰাটো সুস্বাস্থ্যৰ চাবিকাঠি।