S Jaishankar: পাকিস্তানৰ কাকুতি-মিনতিত দুৰ্বল নহয় ভাৰত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট কৰি দিছে যে ভাৰতে কেতিয়াও সিন্ধু জল সন্ধিৰ স্থিতি সলনি নকৰে।
তেওঁৰ মতে কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰিবলগীয়া এটা বিষয়হে হ’ব পাৰে। সেয়া হ’ল পাক অধিকৃত কাশ্মীৰ খালী কৰা।
উল্লেখ্য যে,ইছলামবাদে শেহতীয়াকৈ ভাৰত চৰকাৰলৈ এখন পত্ৰ লিখি সিন্ধু জল সন্ধি বাতিল নকৰিবলৈ অনুৰোধ জনাইছিল।
সিন্ধু জল সন্ধি বাতিলৰ ফলত পাকিস্তানত এক অভূতপূৰ্ব সংকটৰ সৃষ্টি হৈছে। কোনো কোনো ঠাইত পানীৰ নাটনি, কোনো ঠাইত বানপানী! দেশৰ বিশাল অঞ্চলত দেশবাসীয়ে মৃত্যুমুখত পৰাৰ অৱস্থা ।
অভাৱনীয় সংকটৰ পৰা বাচিবলৈ ভাৰতৰ ওচৰত কাকুতি-মিনতি আৰম্ভ কৰিছে পাকিস্তানে।
অৱশ্যে জয়শংকৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদে তেওঁৰ হাজাৰ হাজাৰ অনুৰোধৰ ওচৰত হাৰ নামানে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, “সিন্ধু জল সন্ধি আপাততঃ স্থগিত ৰখা হৈছে।পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বন্ধ নকৰালৈকে এই চুক্তি স্থগিত ৰখা হ’ব।”
বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে কাশ্মীৰ বিষয়ক লৈ মাত্ৰ এটা আলোচনা হ’ব পাৰে। সেয়া হৈছে অবৈধভাৱে দখল কৰা পাক অধিকৃত কাশ্মীৰক মুক্ত কৰাৰ প্ৰসংগ।একমাত্র সেই বিষয়টোক লৈ আলোচনাত বহিব পাৰে নতুন দিল্লী।
জয়শংকৰে লগতে কয় যে যিসকলে সাত মে’ত ভাৰতৰ স’তে কথা পাতিবলৈ ইচ্ছুক নাছিল তেওঁলোকে এতিয়া তিনিদিনৰ ভিতৰত আলোচনাত বহিবলৈ ইচ্ছুক। তাৰ পৰাই স্পষ্ট হৈ পৰে কোনে প্ৰকৃততে যুদ্ধবিৰতি বিচাৰিছিল।
অৱশ্যে যুদ্ধ বিৰতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতা সন্দৰ্ভত জয়শংকৰে একো নক’লে।
প্ৰসংগক্ৰমে পহলগাম আক্ৰমণৰ লগে লগে নতুন দিল্লীয়ে সিন্ধু সন্ধি বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ পাছতে ভাৰতে আৰম্ভ কৰে অপাৰেচন সিন্দূৰ। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়।
নিহত হয় এশৰো অধিক উগ্ৰপন্থী। পাছত নতুন দিল্লীয়ে পাকিস্তানৰ অনুৰোধত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। কিন্তু যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়াৰ পাছতো সিন্ধু জল সন্ধি বাতিলৰ সিদ্ধান্ত বাতিল কৰা হৈছে। পাকিস্তানৰ অনুৰোধতও সেই সিদ্ধান্ত সলনি নকৰে নতুন দিল্লীয়ে।