ভোলাৰী ঘাটিত পাক বায়ুসেনাৰ সাতজন বিষয়া নিহত! ভাৰতৰ দাবীত ছীলমোহৰ পাকিস্তানৰ

IMG 20250516 195416

Opration Sindoor: ভাৰতীয় সেনাৰ প্ৰত্যাঘাটত ক্ষতিগ্ৰস্ত হৈছে পাকিস্তানৰ ভোলাৰী বিমান ঘাটি।লগতে বায়ুসেনাৰ সাত জন জোৱানৰো মৃত্যু হয়। বিস্ফোৰক স্বীকাৰোক্তি পাকিস্তানৰ।

সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ এই স্বীকাৰোক্তি ভাৰতীয় সেনাৰ দাবীৰ পৰোক্ষ স্বীকৃতি বুলি ধাৰণা কৰা হৈছে।

অপাৰেচন সিন্দূৰৰ সফলতা হিচাপে ভাৰতে পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ ন’টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ কথা ঘোষণা কৰিছে। যদিও পাকিস্তানে দাবী কৰিছিল যে, ভাৰতে সাধাৰণ পাকিস্তানীক আক্ৰমণ কৰিছে ।

ইয়াৰ পাছত পাকিস্তানী সেনাই সীমান্তৰ কেবাখনো ভাৰতীয় গাঁৱত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলায়।

এই আক্ৰমণক প্ৰতিহত কৰাৰ উপৰিও ভাৰতীয় সেনাই কেবাটাও পাকিস্তানী বায়ুসেনাৰ ঘাটি আৰু সামৰিক চকীত আক্ৰমণ চলায়। এই দাবীক এইবাৰ মান্যতা দিলে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ।

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে কয় যে, “ভাৰতীয় বায়ুসেনাৰ আক্ৰমণত ভোলাৰী বায়ুসেনা ঘাটিৰ সাতজন জোৱান শ্বহীদ হয়। ইয়াৰ ভিতৰত ছয়জন বিষয়া আৰু এজন কাৰিকৰী টেকনিছিয়ান আছে।”

পাকিস্তানী ড্ৰ’ন আৰু মিছাইল আক্ৰমণক প্ৰতিহত কৰি ভাৰতে প্ৰতিশোধ লোৱা কেইটামান পাকিস্তানী বিমান ঘাটিৰ ভিতৰত অন্যতম আছিল ভোলাৰী বায়ুসেনা ঘাটি।

বন্দৰ চহৰ কৰাচীৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই বায়ুসেনাৰ ঘাটি।উল্লেখ্য যে,২০১৭ চনত ইয়াক পাকিস্তানৰ অন্যতম উন্নত বিমান ঘাটি হিচাপে ঘোষণা কৰা হৈছিল।

এই বিমান ঘাটিটোত পাকিস্তান বায়ুসেনাৰ ১৯ নং স্কোয়াড্ৰন আৰু অপাৰেচনেল কনভকেচনৰ মুখ্য কাৰ্যালয় আছে।

উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে,ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ পাছত যুদ্ধ বিমান ৰখা ভোলাৰী বায়ুসেনা ঘাটিৰ ছাদ ভাঙি গৈছে।

কেবাখনো যুদ্ধ বিমান ক্ষতিগ্ৰস্ত হয়।ইফালে সিন্ধৰ মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তিয়ে ভাৰত চৰকাৰৰ এই দাবীক পৰোক্ষভাৱে সমৰ্থন কৰা বুলি ধাৰণা কৰা হৈছে।

Exit mobile version