Major Economy: বিশ্ব অৰ্থনীতিৰ দুৰ্বল অৱস্থাৰ মাজতো ভাৰতত এতিয়া দেখিবলৈ পুৱা গৈছে আশাৰ ৰেঙণি। ৰাষ্ট্ৰসংঘই জনাইছে, ভাৰতে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব।
ৰাষ্ট্ৰসংঘৰ আশা,চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ । সংবাদ সংস্থা সূত্ৰ মতে,ৰাষ্ট্ৰসংঘৰ বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাবনাৰ সাম্প্ৰতিক অনুসৰি,ভাৰতৰ বৃদ্ধিৰ মূলতে হৈছে ঘৰুৱা ব্যয়, দৃঢ় চৰকাৰী বিনিয়োগ আৰু বৰ্ধিত সেৱাৰ ৰপ্তানি।
জানুৱাৰী মাহত বৃদ্ধিৰ অনুমান ৬.৬ শতাংশৰ পৰা সামান্য সংশোধন কৰা হৈছে যদিও ভাৰত এতিয়াও আন বৃহৎ অৰ্থনীতিতকৈ আগবাঢ়ি আছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰে।
আগন্তুক বছৰত ভাৰতৰ অৰ্থনীতি ৬.৪ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও পূৰ্বতে আশা কৰাতকৈ এই পৰিমাণ কিছু কম।
বৰ্ধিত বাণিজ্যিক উত্তেজনা আৰু নীতিগত অনিশ্চয়তাৰ ইংগিত দি ৰাষ্ট্ৰসংঘই কয় যে,”বিশ্ব অৰ্থনীতি এটা অনিশ্চিত মুহূৰ্তত আছে। পূৰ্বতে অনুমান কৰাতকৈ বহু দেশৰ বৃদ্ধিৰ গতি এতিয়া লেহেমীয়া হ’ব বুলি আশা কৰা হৈছে।”
প্ৰসংগক্ৰমে ভাৰতৰ পৰিসংখ্যা আন প্ৰধান অৰ্থনীতিৰ তুলনাত আকৰ্ষণীয় দেখা যায়। চীনৰ প্ৰবৃদ্ধি ৪.৬ শতাংশ, আমেৰিকাৰ ১.৬ শতাংশ, জাপান ০.৭ শতাংশ আৰু ইউৰোপীয় ইউনিয়নৰ মাত্ৰ এক শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।জাৰ্মানীতো -০.১ শতাংশ নেতিবাচক প্ৰবৃদ্ধিও হ’ব পাৰে।