Seven all-party delegations:সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল

uno

Seven all-party delegations:

অপাৰেচন সিন্দূৰ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ প্ৰেক্ষাপটত চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে যাত্ৰা কৰিবলৈ হৈছে সাজু ।

সৰ্বদলীয় প্ৰতিনিধি দলসমূহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো প্ৰকাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় ঐক্যমত আৰু দৃঢ় পন্থা প্ৰক্ষেপ কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দেশৰ শক্তিশালী বাৰ্তা তেওঁলোকে বিশ্বৰ আগত আগবঢ়াই নিব।
বিভিন্ন দলৰ সংসদৰ সদস্য, বিশিষ্ট ৰাজনৈতিক ব্যক্তি, আৰু বিশিষ্ট কূটনীতিবিদসকল প্ৰতিটো প্ৰতিনিধি দলৰ অংশ হ’ব।

সাতটা ৰাজনৈতিক দলৰ প্ৰতিনিধি এই সদস্যসকল হৈছে : ১/ শশী থাৰুৰ, কংগ্ৰেছ ২/ৰবি শংকৰ প্ৰসাদ, বিজেপি, ৩/সঞ্জয় কুমাৰ ঝা, জে ডি ইউ, ৪/ বৈজয়ন্ত পাণ্ডা, বিজেপি , ৫/ ড: কানিমোঝি কৰুণানিধি, ডি এম কে ,৬/  ড: সুপ্ৰিয়া চুলে,এন চি পি আৰু ৭/ শ্ৰীকান্ত একনাথ শিণ্ডে, শিৱসেনা

Exit mobile version