Patacharkuchi Vidyapith H.S.School:
এজন-দুজন নহয় ,একেলগে অনুপস্থিত ২৯ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী ৷ বিদ্যালয়ৰ পৰিদৰ্শকৰ আকস্মিক উপস্থিতিত এই তথ্য পোহৰলৈ আহে । বজালী জিলাৰ পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই সকল শিক্ষকৰ দায়িত্বজ্ঞানহীনতাক লৈ হতবাক হৈছে সচেতন ৰাইজ।
উল্লেখ্য যে মোটা অংশৰ দৰমহা হৈ নিজৰ দায়িত্বলৈ সততে পিঠি দিয়া এই সকল শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে বিভাগীয় শাস্তিমূলক পদক্ষেপ লোৱাৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
