Google Chrome: উইণ্ডজ, লীনাক্স, বা মেক’ত গুগল ক্ৰম ব্যৱহাৰ কৰেনে? তেতিয়া হ’লে সাৱধান হওক। ব্ৰাউজাৰ হিচাপে আজিও সমগ্ৰ বিশ্বতে শীৰ্ষস্থনত আছে গুগল । কিন্তু সেই ব্ৰাউজাৰ সম্পৰ্কে এনে জৰুৰী নিৰ্দেশিকা জাৰি কৰিলে কেন্দ্ৰীয় সংস্থাই।
ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলৰ কেন্দ্ৰীয় সংস্থা CERT-In-এ ডেস্কটপত গুগল ক্ৰ’ম ব্যৱহাৰকাৰীসকলক সকীয়াই দিছে যে এই ব্ৰাউজাৰত একাধিক দুৰ্বলতা পোৱা গৈছে। যাৰ সহায়ত হেকাৰে ইচ্ছামতে ক’ড চলাব পাৰে!
কি সমস্যা হ’ব পাৰে?
CERT-In জনাইছে, ‘ৰিমোট’ আক্ৰমণকাৰীয়ে এই দুৰ্বলতাক শোষণ কৰি ‘চিস্টেম’টো গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত হেকাৰৰ ওচৰলৈ স্পৰ্শকাতৰ তথ্য ফাদিল হ’ব পাৰে। আপোনাৰ ডিভাইচত স্পাইৱেৰ ইনষ্টল কৰা হ’ব পাৰে। ইয়াৰ ভিতৰত এটা ‘বিপদ’ আছে যিটো আটাইতকৈ চিন্তনীয়।
কাৰণ বাস্তৱ জগতত আক্ৰমণ সংঘটিত কৰিবলৈও ইয়াৰ ব্যৱহাৰ কৰা হয়। সেয়ে জৰুৰীকালীন অৱস্থাত সকলোকে সকীয়াই দিয়া হৈছে।
কৰণীয় কি?
কেন্দ্ৰীয় সংস্থাটোৱে অৱশ্যে এই বিষয়ত ভাল খবৰ প্ৰকাশ কৰিছে। তেওঁলোকে গুগল ক্ৰ’মৰ শেহতীয়া সংস্কৰণত এই কথা সমাধান কৰিছে। গতিকে প্ৰতিজন ব্যৱহাৰকাৰীয়ে নিজৰ গুগল ক্ৰ’ম আপডেট কৰাটো বাধ্যতামূলক।আৰু সেইবাবেই আপুনি আপোনাৰ ডেস্কটপত গুগল ক্ৰ’ম ব্ৰাউজাৰ আপডেট কৰিব লাগিব।
প্ৰথমে গুগল ক্ৰ’ম খুলি মেনুলৈ যাওক। তাৰ পাছত ‘Help’ ত ক্লিক কৰি ‘About Google Chrome’ লৈ যাওক। তেনে ক্ষেত্ৰত, আপোনাৰ ব্ৰাউজাৰে স্বয়ংক্ৰিয়ভাৱে পৰীক্ষা কৰিব যে এটা আপডেইটৰ প্ৰয়োজন আছে নে নাই। যদি এটা আপডেট উপলব্ধ হয়, তেতিয়া স্বয়ংক্ৰিয়ভাৱে ইনষ্টল কৰিব!
বৰ্তমানৰ পৰিস্থিতিত ডেস্কটপত গুগল ক্ৰ’ম ব্যৱহাৰ কৰা সংস্থাসমূহৰ ব্যৱহাৰকাৰীৰ চাইবাৰ সুৰক্ষা বৰ্তমান বিপদত পৰিছে। হেকাৰ ইয়াৰ কবলত পৰিলে স্পৰ্শকাতৰ তথ্য চুৰি হ’ব পাৰে। সমগ্ৰ চিষ্টেম বেদখল হ’ব পাৰে। গতিকে সাৱধান হোৱাই ভাল।