CBI probe into Avinash Investment Trading App fraud in Barhola:
সংঘটিত অনলাইন ট্রেডিং বৰহোলাত অবিনাশ ইনভেষ্টমেন্ট ট্রেডিং এপৰ প্ৰৱঞ্চনাৰ তদন্ত চিবিআইৰ কেলেংকাৰিব তদন্ত অব্যাহত ৰখা কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই) ই আজি তিতাবৰৰ বৰহোলাত ‘অবিনাশ ইনভেষ্টমেন্ট’ নামৰ ট্রেডিং এপত বিনিয়োগ বা কে ‘বাজনো লোকৰ ভাষ্য গ্রহণ কৰে।
অভিযোগ অনুসৰি, বৰহোলাত গড়াজানৰ অবিনাশ পার্বিয়া নামৰ এজন যুৱকে এই এপটোৰ জৰিয়তে বৃহৎ সংখ্যক লোকৰ পৰা বহু কোটি টকা সংগ্রহ কৰি পৰৱৰ্তী সময়ত আত্মসাতৰ অভিযোগ উঠিছে। ৰাজ্যত সংঘটিত অনলাইন ট্রেডিং কেলেংকাৰিত যি কৌশলৰে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ উঠিছে, সেই একেই কৌশলৰে অবিনাশেও ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।
সেই অনুসৰি, বিনিয়োগৰ বিপৰীতে লোভনীয় পৰিমাণৰ লভ্যাংশ আদায় দিয়াৰ আশ্বাস দিছিল অবিনাশে। প্রথমতে কিছুসংখ্যক বিনিয়োগকাৰীক আশ্বাস দিয়া অনুসৰি লভ্যাংশ আদায় দিয়া হৈছিল যদিও পাছলৈ সেই পৰিমাণ হ্রাস হৈছিল। পৰৱৰ্তী সময়ত আনকি বহু লোক লভ্যাংশ আদায় নিদিলে। অভিযোগ অনুসৰি, অকল বৰহোলা অঞ্চলতে এনেদৰে কমেও ৩০ কোটিৰ অধিক টকা আত্মসাৎ কৰা হয়। জামিন লাভৰ পাছত সম্প্রতি আত্মগোপন কৰি থকা অবিনাশে কাৰাগাৰলৈ প্ৰেৰণৰ সময়ত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে অবিনাশ ইনভেষ্টমেন্টত প্রায় ২৪৩ জন লোকে বিনিয়োগ কৰিছিল। কোনো কোনো লোকে পাঁচ লাখ টকা পর্যন্ত বিনিয়োগ কৰা বুলিও সদৰী কৰিছিল।
চিবিআইৰ দুজনীয়া তদন্তকাৰী দলে ট্রেডিং এপটোত বিনিয়োগ কৰা কে’বাজনো লোকক সোধপোহ কৰে। বিনিয়োগ কৰা ধনৰ পৰিমাণ, অবিনাশৰ লগত তেওঁলোকৰ কিদৰে যোগসূত্র স্থাপন হৈছিল আদি প্রশ্ন কৰাৰ উপৰি আধাৰকাৰ্ড-পানকাৰ্ড আদিও প্ৰীক্ষা কৰে। চিবিআয়ে অবিনাশকো তদন্তকাৰী দলৰ আগত হাজিৰ হ’বলৈ জাননী দিছিল; কিন্তু অবিনাশ বর্তমান সন্ধানহীন।
উল্লেখ্য যে অবিনাশ ইনভেষ্টমেন্টৰ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত প্রবঞ্চিত একাংশ লোকে বৰহোলা আৰক্ষী থানাত অবিনাশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তাৰ ভিত্তিত আৰক্ষীয়ে ২৮/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি অবিনাশক গ্ৰেপ্তাৰ কৰিছিল। পাছত কাৰাগাৰলৈয়ো প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷