Zubeen Garg :
আজি ১৮ দিন পাৰ হ’ল জুবিন গাৰ্গ হেৰাই যোৱাৰ। আপোন শিল্পীগৰাকী চিৰদিনলৈ নোহোৱা হৈ যোৱা বুলি আজিও বহুতেই যেন পতিয়ন যাব পৰা নাই। যি পৰিৱেশ আৰু পৰিস্থিতিত প্রিয় শিল্পীগৰাকী হেৰাই গ’ল, তাৰ পাছত সৃষ্টি হোৱা পৰিৱেশেও ৰাজ্যবাসীক আজিও এক গভীৰ চাপৰ মাজত ৰাখিছে। মুক্ত মনৰে পূৰ্বৰ স্বাভাবিক অবস্থালৈ বেছিভাগ লোকেই ঘূৰি যাব পৰা নাই। কেৱল গানেই নহয়, তাৰ লগতে সমাজৰ প্ৰতি যি নিদর্শন নিজৰ আদৰ্শৰে জুবিন গার্গে প্রতিষ্ঠা কৰি গ’ল, তাক সুঁৱৰি বেদনা গধুৰ হৈ পৰা সকলৰ ভিতৰত অন্যতম হ’ল প্রয়াত শিল্পীগৰাকীৰ সুদীর্ঘ দিনৰ ঘনিষ্ঠ বন্ধু পার্থপ্রতিম গোস্বামী। বন্ধুৰ লগতে গোস্বামী আছিল জুবিনৰ বাদ্যযন্ত্রীও।
জুবিনৰ মৃত্যুক লৈ সাক্ষ্য দিবলগীয়া হোৱাটো নিজৰ বাবেই ভাষাহীন বেদনাদায়ক বুলি অনুভৱ ব্যক্ত কৰে গোস্বামীয়ে। জুবিনক হত্যাৰ যি অভিযোগ উঠিছে, তাৰ বাবে কালি বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ আগত ভাষ্য প্রদান কৰে পাৰ্থপ্রতিম গোস্বামীয়ে। তাৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ জুবিনৰ লগত থকা স্মৃতি সোঁৱৰণ কৰাৰ উপৰি সোঁৱে-বাঁৱে থকা আন একাংশৰ বিৰুদ্ধে নামসহ তীব্র ক্ষোভ উজাৰে।
তিনি দশকৰো অধিক কালৰ ঘনিষ্ঠতাক সুঁৱৰি গোস্বামীয়ে তাৎপর্যপূর্ণভাৱে মন্তব্য কৰে যে জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হ’ল, সেয়া সম্পূর্ণৰূপে পূর্বনির্ধাৰিত চিত্ৰনাট্যৰ ৰূপ। আনহাতে, তেওঁ বিশেষভাৱে ক্ষোভপ্রকাশ কৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মা আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে।
উল্লেখ্য যে শিল্পীগৰাকীক হত্যাৰ গোচৰত চিআইডিয়ে দুয়োজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গোস্বামীয়ে বন্ধুক সুঁৱৰি কয়, ‘জুবিন এনে এজন মানুহ আছিল, যি নিজৰ ঘৰটো আনক এৰি দিছিল। সি মুম্বাইত নিজৰ থকা ঠাই আনক এৰি দি মই থকা সৰু কোঠাটোত শুইছিল। ঠাইৰ অভাৱত মোৰ পিঠিতে শুইছিল। সেইজন জুবিন আজি কাৰোবাৰ পৰিকল্পনাত হেৰাই গ’ল।
জুবিন এনেকুৱা এজন মানুহ আছিল, সি আনৰ বাবে নিজক এৰিব পাৰিছিল। আমি আগতে গুৱাহাটীৰ কমাৰ্চৰ ওচৰত আড্ডা মাৰিছিলো। এদিন সি তাত আড্ডা মাৰি থকা ল’ৰাবোৰলৈ চাই ক’লে, ইহঁতক বহুদিন খুওৱা নাই। ব’ল খাই আহো। এই বুলি গোটেইজাক ল’ৰাক লৈ সি ভাল পোৱা লখৰাৰ পণ্ডিত নামৰ হোটেলখনলৈ গৈছিলো। গণেশগুৰি পাওঁতেই সি মোক সুধিলে- টকা লগত আছে নে নাই। মোৰ লগতো সিমান টকা নাছিল যদিও কিবা মেনেজ হ’ব বুলি আমি গৈছিলো। সি নিজেই সেইখন হোটেলত পৰঠা বনাইছিল। যিমান বস্তু থাকে সব ঢালি দিয়ে পৰঠাত। সেইজন আছিল জুবিন, যি নিজৰ হাতত এটকাও নথকাকৈ আনক খুৱাবলৈ লৈ যায়। জুবিনে কেতিয়াও টকাৰ মূল্যক গুৰুত্ব দিয়া নাছিল।’
গোস্বামীয়ে ক্ষোভেৰে কয় যে একেলগে বাদ্যযন্ত্র বজোৱা সত্ত্বেও জুবিনৰ মেনেজাৰ সিদ্ধার্থ শর্মাই নিজাকৈ কোম্পানী খুলি তেওঁলোকক পৰিচালনা কৰা বুলি জনা নাছিল। জুবিনৰ মৃত্যুৰ ছদিন পাছতহে তেওঁ সেই বিষয়ে জ্ঞাত হৈছিল। অথচ যোৱা তিনিটা বছৰে সিদ্ধার্থই নিজা কোম্পানী খুলি গোটেই কাম কৰিছিল। গোস্বামীয়ে কয়, ‘জুবিনৰ অনুষ্ঠানবোৰৰ পৰা সিদ্ধার্থ শৰ্মা লাভৱান হৈছিল। জুবিনে অনুষ্ঠান কৰাৰ বাবদ কিবা চুক্তি হৈছিল নে নাই, সেয়া মই কেতিয়াও দেখা নাছিলো। জুবিনে অনুষ্ঠান কৰাৰ বিনিময়ত কিমান অংশ পাইছিল, সেয়াও মই জনা নাছিলো। শ্ব’বোৰ কিমান টকাত চুক্তি কৰে, আমি এজনেও নাজানো।
যোৱা প্রায় ছমাহ, এবছৰ সিদ্ধার্থই জুবিনৰ সকলো অনুষ্ঠান নিয়ন্ত্রণ কৰিছিল। বিভিন্ন উদ্বোধনী অনুষ্ঠান আৰু অন্যান্যবোৰো কৰিছিল। ইয়াৰ বাবদ যি লাভ হৈছিল, সেইবোৰ সিদ্ধার্থৰ কোম্পানীৰ একাউণ্টত জমা হৈছিল। নিয়ম অনুসৰি, কোম্পানীৰ মালিকীস্বত্ব সলনি হ’লে ইয়াৰ লগত জড়িতসকলে জানিব লাগে; কিন্তু আমি জনা নাছিলো। কোম্পানীৰ মালিকীস্বত্ব কাগজে-পত্রই সলনি হৈছিল; অথচ আগৰ কোম্পানীটোৰ অধীনতে সকলো চলি আছিল।’
ইপিনে, শেখৰজ্যোতি গোস্বামীক লৈয়ো তীব্র ক্ষোভ প্রকাশ কৰে গোস্বামীয়ে। বিশেষকৈ জুবিনৰ মৃত্যুৰ বিষয়টোৰ সন্দৰ্ভত গোস্বামীয়ে কয় যে শেখৰে এতিয়া কৈছে যে সিদ্ধার্থই বিহপান কৰাইছিল। যদি সঁচাকৈ শেখৰে সেই কথা জানিছিল, তেন্তে শেখৰো ইয়াৰ বাবে সমানে দায়ী। জুবিনক বিহপান কৰাই হত্যা কৰা বুলি যদি এছআইটিয়ে প্রমাণ কৰিব পাৰে, তেন্তে দুয়োজনৰ সমান শাস্তি হ’ব লাগিব বুলিও তেওঁ কয়। তদুপৰি কয় যে জুবিনৰ লগত সিদ্ধার্থ আৰু শেখৰ অতি ঘনিষ্ঠ আছিল।
তেনেস্থলত সাগৰত সংঘটিত ঘটনাটোৰ নিশা পার্টি কৰাৰ পাছত কিয় জুবিনক জিৰণি ল’বলৈ নিদিলে। তাৰ পৰিৱৰ্তে সাগৰলৈ য়টত পার্টি কৰিবলৈ লৈ গ’ল। গোস্বামীয়ে কয়, ‘জুবিনৰ নিদ্ৰা আৰু জিৰণিৰ অত্যন্ত প্রয়োজন আছিল। তেতিয়াহে অনুষ্ঠানৰ বাবে নিজক সাজু কৰিব পাৰিলেহেঁতেন; কিন্তু সিহঁতে সেই সুযোগ নিদিলে। এয়া অবজ্ঞা, অৱহেলা নহয় নে? গোটেই ঘটনাটো বিশ্লেষণ কৰিলে গভীৰত বহু কিবাকিবি থকাটো নিশ্চিত, যিবোৰে জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিলে।’ এই প্ৰসংগতে শেখৰৰ আচৰণক লৈয়ো গোস্বামীয়ে মন্তব্য কৰে। তেওঁ ক্ষোভৰে কয়, ‘শেখৰ একেবাৰে ভাল নাছিল। তাৰ মনটো-পেটটো পচা। তাক এদিন ভাত খাব মাতিব, দেখিব যে পিছদিনা গিৰিয়েক এটা কোঠাত, ঘৈণীয়েক আন এটা কোঠাত থাকিবলৈ লৈছে। সি কিন্তু দুয়োৰে লগতে সম্পৰ্ক ৰাখি চলি থাকে।’
কালি চিআইডিয়ে ভাষ্য গ্ৰহণৰ সন্দৰ্ভত গোস্বামীয়ে কয় যে জুবিনৰ লগত তেওঁৰ সম্পর্ক কিমান দিনীয়া, জুবিনক কিদৰে জানে আদি কথাবোৰ সোধে আৰু তেওঁ সেইমতে উত্তৰ দিয়ে।
ADVERTISEMENT


































