CM’s announcement:
লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত অসম চৰকাৰৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ পদসমূহৰ নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ হ’ব।
ADVERTISEMENT
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, ‘তৃতীয় বৰ্গৰ পদৰ অন্তৰ্ভুক্ত চালক, ষ্টেনোগ্রাফাৰ আৰু ইলেক ‘ট্রিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষাৰ সমান্তৰালকৈ চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষাত উত্তীর্ণ প্রার্থীৰো মৌখিক আৰু ব্যৱহাৰিক পৰীক্ষা ১৫ জুনৰ পৰাই চলিব। ইয়াৰ বাবে চৰকাৰে প্রার্থীসকলক আনুষ্ঠানিকভাৱে সকলো তথ্য অৱগত কৰিব।’