Barpeta Trianga yatra:
ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত লোৱা ভূমিকাৰ বাবে দেশৰ সেনা বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আজি বৰপেটাত ৰূপায়ণ কৰা হয় ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী।
বৰপেটা জিলা নাগৰিক সমাজৰ উদ্যোগত স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ চৌহদৰ পৰা উলিওৱা এই যাত্ৰা কাৰ্যসূচীত বৰপেটা চহৰৰ মূল পথবোৰক সামৰি লোৱা হয় । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত প্ৰায় ৫০ মিটাৰ দৈৰ্ঘৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা এখনো প্ৰদৰ্শন কৰা হয়। এই আয়োজনৰ সন্দৰ্ভত বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ দাসে কয় যে পহেলগ্ৰামত পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ পাছত ভাৰতীয় সেনাই যি পৰাক্ৰমেৰে শত্ৰুক পিছ হুহকিবলৈ বাধ্য কৰালে সেই শক্তি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। স্থল , আকাশ , জল সকলোতে ভাৰতীয়া সেনাই দেখুওৱা পৰাক্ৰমত পাকিস্তানে সেও মানিবলৈ বাধ্য হয় ।
সেই ভাৰতীয় সেনাৰ মনোবল অধিক বৃদ্ধি কৰিবলৈ তথা কৃতজ্ঞতা জনাবলৈ আজিৰ এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বকো আজিৰ এই যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হয় বুলি দাসে কয়।