Punjab: যি সময়ত পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ লোকক ইজনৰ পাছত সিজনকৈ গ্ৰেপ্তাৰ কৰা হৈছে, সেই সময়ত আৰক্ষীয়ে পঞ্জাৱত এটা বৃহৎ সন্ত্ৰাসবাদী চক্ৰৰ সন্ধান পাইছে ।
পঞ্জাৱ আৰক্ষীয়ে দাবী, ৰাজ্যখনত সন্ত্ৰাসবাদী কাৰ্যকলাপত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই জড়িত।
কেৱল সেয়াই নহয়, আই এছ আইয়ে এই কামত সমৰ্থন আগবঢ়োৱাৰ প্ৰমাণো পোৱা গৈছে।আৰক্ষীৰ সূত্ৰ অনুসৰি পাকিস্তানী উগ্ৰপন্থী হৰজিন্দৰ সিং ৰিণ্ডাই নিষিদ্ধ সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই) ব্যৱহাৰ কৰিছে।
আৰক্ষীয়ে দাবী কৰিছে যে এই কামৰ দায়িত্ব বিকেআইৰ দুজন মণিন্দ্ৰ বিল্লা আৰু মনু আগৱানকো দিয়া হৈছিল। ৰাজ্যিক আৰক্ষীৰ ডিজি গৌৰৱ যাদৱে জনাইছে, সন্ত্ৰাসবাদী কাৰ্যত জড়িত থকাৰ সন্দেহত ছজন জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
যতীন কুমাৰ ওৰফে ৰোহন, বৰিন্দ্ৰ সিং ওৰফে সাজন, ৰাহুল মছিহ, আব্ৰাহাম ওৰফে ৰোহিত। ইয়াৰ উপৰিও আন দুজন সন্দেহযুক্ত উগ্ৰপন্থী ছোহিত আৰু সুনীল কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে।






























