Mango: বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল ভাৰতৰ আম ৰপ্তানি ব্যৱসায়ীসকল। সম্প্রতি ভাৰতৰ পৰা প্ৰেৰণ কৰা সুস্বাদু আমৰ কমেও ১৫টা চালান বাতিল কৰিছে আমেৰিকাই ।
নথিপত্ৰৰ প্ৰক্ৰিয়াত ত্রুটিৰ বাবে এই বৃহৎ পৰিমাণৰ আম বিমান বন্দৰৰ পৰাই আমেৰিকাই ওভতাই পঠোৱা বুলি তথ্য সদৰী কৰিছে। মার্কিন প্রশাসনে এই আমসমূহ ভাৰতলৈ ওভতাই পঠিয়াবলৈ অথবা ইয়াক নষ্ট কৰি পেলাবলৈ নির্দেশ দিয়ে।
ফলত আম নষ্ট হোৱাৰ সমান্তৰালভাৱে মোটা অংকৰ লোকচানৰ সন্মুখীন হৈছে আম ৰপ্তানিকাৰীসকল। মার্কিন কৃষি বিভাগৰ মুম্বাইস্থিত এজন পৰিদৰ্শক এই প্রক্ৰিয়াৰ ভাৰপ্ৰাপ্তৰ দায়িত্বত আছিল যদিও নথিপত্ৰৰ খেলিমেলিৰ বাবেই ভাৰতৰ এই আম আমেৰিকালৈ প্ৰেৰণৰ ক্ষেত্ৰত বাধা দিলে মার্কিন যুক্তৰাষ্ট্ৰই।
লছ এঞ্জেলছ, ছান ফ্রান্সিছক’ আৰু আটলান্টিকা বিমান বন্দৰত ভাৰতৰ আমখিনি লৈ যোৱাৰ পাছত বাতিল কৰি দিয়া হয়।
ৰপ্তানিকাৰীসকলে অৱশ্যে এই আমসমূহ ভাৰতলৈ পুনৰ প্ৰেৰণ নকৰিবলৈ সিদ্ধান্ত লয়। কিয়নো ইয়াৰ পৰিবহণ ব্যয় বহু বেছি হোৱাৰ উপৰি এইবোৰ গেলি-পচি যাব বাবেই এনে সিদ্ধান্ত লয়।
এই আম দেশলৈ ওভতাই আনিবলৈ যিহেতু বৃহৎ পৰিমাণৰ ধন আদায় দিব লাগিব, সেয়েহে আমসমূহ আমেৰিকাতেই পেলাই থৈ আহিব বুলি ব্যৱসায়ীসকলে সিদ্ধান্ত লয়।
কিমান পৰিমাণৰ আম এই ১৫টা চালানত আছিল সেয়া স্পষ্ট নহয় যদিও অনুমান অনুসৰি, আম ব্যৱসায়ীৰ প্ৰায় পাঁচ লাখ মার্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকা অনুসৰি প্ৰায় চাৰি কোটি ২৭ লাখ ২০ হেজাৰ টকা হ’ব।
সূত্ৰত প্রকাশ যে যোৱা আঠ আৰু ন মে’ত মুম্বাইৰ পৰা আম ৰপ্তানিৰ প্ৰয়োজনীয় নথিপত্ৰৰ প্রক্রিয়া সম্পন্ন কৰা হৈছিল। অভিযোগ অনুসৰি, ৰপ্তানি সংক্রান্তীয় নথিপত্ৰত বিসংগতি আছে।
উল্লেখ্য যে ভাৰতত উৎপাদিত আম ৰপ্তানিৰ সৰ্ববৃহৎ বজাৰ হৈছে আমেৰিকা। আম যিহেতু সোনকালে পচি যায় সেয়েহে সাধাৰণতে বিমানৰ জৰিয়তে ভাৰতৰ পৰা আমেৰিকালৈ আম প্ৰেৰণ কৰা হয়।
ফলত আমৰ ৰপ্তানি ব্যয় বহু বেছি। সেই বাবেই আম ওভতাই অনাৰ সলনি আমেৰিকাতে বিনষ্ট কৰি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে