Artificial Intelligence: ছৌদি আৰৱত আৰম্ভ হ’ল বিশ্বৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰ চিকিৎসা কেন্দ্ৰ ।তাত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।
চীনৰ প্ৰযুক্তিৰ সাহায্য আলমুছা গ্ৰুপে পৰীক্ষামূলকভাবে এই ক্লিনিকখন মুকলি কৰিছে।
কিন্তু শেষত ৰোগীৰ চিকিৎসা সঠিকভাৱে হ’ল নে নাই সেইয়া কিন্তু স্বাভাৱিক মেধাসম্পন্ন চিকিৎসকেহে নিৰ্ণয় কৰিব ।
ইয়াৰ উপৰিও দুৱাৰমূখৰ পৰা আৰম্ভ কৰি সমগ্ৰ ক্লিনিকখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছে কেবাজনো কৰ্মী । অৰ্থাৎ ক্লিনিকখন সম্পূৰ্ণৰূপে AI-নিৰ্ভৰশীল নহয়, বৰঞ্চ মানুহৰ ওপৰতো নিৰ্ভৰশীল।
কি দৰে কাম কৰিব চৌদি আৰৱৰ এ আই চিকিৎসক ‘ডাক্তৰ হুয়াৰ’ ক্লিনিক? ই এক অতি সহজ পদ্ধতি আৰু নিৰ্ভৰযোগ্য। ক্লিনিকলৈ যোৱা ৰোগীৰ প্ৰাৰম্ভিক পৰীক্ষা সম্পন্ন কৰিব এআইৰ চিকিৎসক ‘ডাক্তৰ হু’ য়ে।
কৃত্রিম বুদ্ধিমত্তা ভিত্তিক চিকিৎসকে প্রয়োজন সাপেক্ষে প্রশ্ন কৰি ৰোগীৰ সমস্যাৰ বিষয়ে অধিক জানিব পাৰিব।
তাৰ পাছত এআই ডাক্তৰে প্ৰকৃত ‘ডাক্তৰ’ৰ স’তে আলোচনা কৰি প্ৰেছক্ৰিপচন তৈয়াৰ কৰিব। চিকিৎসকে সবিশেষ পৰ্যালোচনা কৰাৰ পিছতহে তেওঁ প্ৰেছক্ৰিপচনত স্বাক্ষৰ কৰি ছীল কৰিব।
এই পদ্ধতিয়ে কেৱল বাহিৰতহে কাম কৰিব। জৰুৰীকালীন বিভাগত চিকিৎসাৰ বাবে কোনো এআই ব্যৱহাৰ কৰা হোৱা নাই।কাৰণ বিশেষজ্ঞসকলৰ মতে কৃত্ৰিম বুদ্ধিমত্তাই জৰুৰীকালীন পৰিস্থিতি চম্ভালিব নোৱাৰিব।
কোৱা হৈছে ১৮ মাহৰ এটা পাইলট প্ৰজেক্ট চৌদি আৰৱত আৰম্ভ হৈছে । সহায় আগবঢ়াইছে চীনৰ Sin-E AI কোম্পানীয়ে। চিইঅ’ জাং শ্বাওডিয়ানৰ ভাষাত, “কৃত্ৰিম বুদ্ধিমত্তাই ইমান দিনে চিকিৎসকক সহায় কৰি আহিছে। এতিয়া আমি ইয়াৰ বিপৰীত কাম কৰিব বিচাৰো। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাই ৰোগীৰ চিকিৎসা কৰিব।প্ৰাকৃতিক প্ৰতিভা থকা চিকিৎসকে সেই কামত সহায় কৰিব। প্ৰযুক্তিভিত্তিক চিকিৎসাৰ ক্ষেত্ৰত ০.৩ শতাংশ ভুলৰ আশংকা আছে।’
ভাষা লৈ সমস্যা হ’ব নেকি এ আই ডাক্তৰৰ ? কোৱা হয় যে তেওঁক বিভিন্ন ভাষাত কথা ক’ব পৰাকৈ সৃষ্টি কৰা হৈছে।






























