Eviction operation again in Silsako: শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান

অমিয় কুমাৰ দাস প্রতিষ্ঠানত প্ৰশাসনৰ হাতোৰা,মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত হয় উচ্ছেদ

silsako

Eviction operation again in Silsako:

মহানগৰীৰ শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান ৷ শিলসাঁকোত থকা অমিয় কুমাৰ দাস ইনষ্টিটিউটত চলিল প্ৰশাসনৰ বুলডজাৰ ৷ মঙলবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত হয় উচ্ছেদ অভিযান । গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰাৰ বাবে শিলসাঁকোত উচ্ছেদ চলোৱা হৈছিল বুলি মন্তব্য কৰে মন্ত্ৰী বৰুৱাই ৷ পৰৱৰ্তী সময়ত জিনঝাৰ হোটেলতো চলিব উচ্ছেদ ৷একাদিক্ৰমে ভাঙি পেলোৱা হ’ব কোপাৰেটিভ বেংক , জিঞ্জাৰ হোটেল ,আইডিয়েল-হিল-ভিউ কে ধৰি অবৈধ দখলকাৰী স্থান সমূহ ৷ আজিৰে পৰা একাদিক্ৰমে এই কাম আৰম্ভ হ’ল ৷আজি অমিয় কুমাৰ‌ দাস ইনষ্টিটিউটত উচ্ছেদ চলোৱা হ’ল ৷উচ্ছেদ চলোৱাৰ আগত এটা প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়া সমাপ্ত কৰি উচ্ছেদ চলোৱা হৈছে‌ ৷

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে চলিত মাহত ৩০ মে’ত আইডিয়েল-হিল-ভিউত চলোৱা হ’ব বুলডজাৰ ৷ একেদৰে অহা এক- দুমাহত বাকি অবৈধ দখল সমূহতো উচ্ছেদ কৰা হ’ব ৷উচ্ছেদ কৰাৰ পিছত শিলসাঁকো বহল কৰা হ’ব আৰু খন্দা হ’ব । তেতিয়া গুৱাহাটীৰ কৃত্ৰিম বান ১০০ শতাংশ নহ’লেও যথেষ্ট কমিব ৷

# মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত শিলসাঁকোত পুনৰ উচ্ছেদ চলোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কে এমএছএছৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ

শিলসাঁকো উচ্ছেদ স্থলীত ভীমৰ বচন আওৰোৱা বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ৷ “শিলসাঁকো সংলগ্ন বোন্দাজান পুতি আপোনাৰ ব্যক্তিগত ঘৰলৈ যাবলৈ পিতৃৰ নামত নিৰ্মাণ কৰা কৈলাস মল্ল বৰুৱা পথ কেতিয়া উচ্ছেদ কৰিব?” , অনা অসমীয়া বনিয়া হিম্মতসিংকাৰ ১৭ মহলীয়া “আইডিয়েল-হিল-ভি”; যাৰ মূল খুঁটাটো শিলসাঁকোৰ বুকুতে আছে, সেই আট্টালিকাটো ভঙাটো দূৰৰে কথা নামটোও উচ্চাৰণ কৰিবলৈ সাহস নাই কিয়? বুলি তিৰ্যক মন্তব্য কেএমএছএছ নেতা গৰাকীৰ।

Exit mobile version