Murder Incident In Balipara:
কোনো বিষয়ত কাজিয়া লগাৰ বাবেই নিৰ্দয় স্বামীৰ হাতত প্ৰাণ গ’ল তিনি সন্তানৰ মাতৃৰ ৷ সুৰাৰ বাবেই সংঘটিত আন এক ভয়ংকৰ ঘটনা ৷ শোণিতপুৰৰ বালিপৰাত যোৱা নিশা সংঘটিত হয় এই হত্যাকাণ্ড। বালিপৰাৰ আদাবাৰী চাহ বাগিচাৰ বীৰু কৰ্মকাৰে তেওঁৰ পত্নী মালতী কৰ্মকাৰক যোৱা নিশা হত্যা কৰে ৷
ADVERTISEMENT
দুয়োৰে মাজত সূত্ৰপাত হোৱা এক ঘৰুৱা কাজিয়াৰ বাবেই স্বামী বীৰু কৰ্মকাৰে এটুকুৰা বাঁহৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী তথা তিনি সন্তানৰ মাতৃ মালতি কৰ্মকাৰক ৷ হত্যাকাণ্ডটোৰ বিষয়ে স্বীকাৰ কৰা স্বামী বীৰু কৰ্মকাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷