Robbery Incident:
লুট কৰিবলৈ চোৰে লৈছে ন ন কৌশল। সোমবাৰে বান্দৰকেঁকোৱা সানি এজন ছাত্ৰৰ পৰা দুর্বৃত্তই লুটি নিলে ৪৫ হাজাৰ টকা ৷ এই ঘটনা সংঘটিত হয় বালিপাৰাত ৷
ADVERTISEMENT
অমান ছেত্ৰী নামৰ ছাত্ৰজনে বেংকৰ পৰা টকা উলিয়াই গৃহাভিমুখী হোৱাৰ অনাৰ পথত বান্দৰকেঁকোৱা ছটিয়াই দুৰ্বৃত্তই ৷ ছাত্ৰজনে বান্দৰকেঁকোৱাৰ পাশ্বক্ৰিয়াৰ ফলত খজুৱাবলৈ ধৰাত চোৰে টকা ভৰ্তি বেগ লৈ উধাও । ইতিমধ্যে বালিপৰা আদর্শ মহাবিদ্যালয়ৰ ছাত্ৰজনে ধন লুট সন্দৰ্ভত থানাত দাখিল কৰিছে এজাহাৰ ৷






























