Jammu and Kashmir : জম্মু-কাশ্মীৰত পুনৰ উগ্ৰপন্থীৰ স’তে নিৰাপত্তাৰক্ষীৰ বন্দুক যুদ্ধ। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ চিংপোৰা অঞ্চলত আৰম্ভ হয় বন্দুক যুদ্ধ ।
তথ্য অনুসৰি,প্ৰথম অৱস্থাত তিনিৰ পৰা চাৰিজনীয়া উগ্ৰপন্থীৰ এটা দলে সেই অঞ্চলত আত্মগোপন কৰি আছিল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান চলায়।
তাৰ কিছু সময়ৰ পাছতে আৰম্ভ হয় বন্দুকযুদ্ধ। ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে।
উগ্ৰপন্থীয়ে নিক্ষেপ কৰা গুলী প্ৰতিহত কৰাৰ উপৰিও নিৰাপত্তা বাহিনীৰ সদস্যসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত জম্মু-কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে।
উগ্ৰপন্থীৰ সম্ভাৱ্য গতিবিধিৰ তথ্য লাভ কৰি দক্ষিণ কাশ্মীৰত ধাৰাবাহিকভাৱে তালাচী চলোৱা হৈছে।বিগত ১৩ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত পুলৱামাৰ শ্বোপিয়ান আৰু ট্ৰাল অঞ্চলত দুটা পৃথক অভিযানত মুঠ ছয়জন উগ্ৰপন্থী নিহত হয়।