APSC:
কাৰাৰুদ্ধ এপিএচচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত বক্ৰপথেৰে চাকৰি লোৱা ১৩ নিলম্বিত ৰাজপত্ৰিত বিষয়াই সৰ্বোচ্চ ন্যায়ালয়ত নাপালে কোনো সকাহ ৷
ADVERTISEMENT
বক্ৰপথেৰে অনিয়মৰে চাকৰি লোৱাৰ অভিযোগত নিলম্বিত হৈছিল ১৩ ACS-APS বিষয়াই ৷ চৰকাৰী নিলম্বনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল যদিও সকাহ নাপায় পৰৱৰ্তী সময়ত দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়ত ৷ কিন্ত ১৩ নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ আবেদন বৃহস্পতিবাৰে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে ৷