Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা

kapili

Floods threatened in Middle Assam:

ডিমা হাছাও জিলাৰ কপিলী জলবিদ্যুৎ কেন্দ্র উমৰাংছ’ৰ খান্দং বান্ধৰ সাতখনকৈ গেট খুলি দিয়াৰ ফলত মঙলবাৰে নিশাৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ যোৱা কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈছে। ডিমা হাছাওৰ খান্দং বান্ধ, কপিলী হাইড্ৰ’পাৱাৰ ষ্টেছনৰ ৰিজাৰ্ভাৰত পানীৰ উচ্চতা বৃদ্ধি হোৱাত এই গেটকেইখন খুলি দিয়া হৈছে বুলি সূত্রত প্রকাশ। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ সাতখন গেটেৰে পানী বৈ অহাত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। বিগত কে’বাদিন ধৰি হৈ থকা বৰষুণৰ বাবে জলবিদ্যুৎ প্ৰকল্পৰ গেট মুকলি কৰি ৰাখিব লগা হৈছে।

ADVERTISEMENT

ডিমা হাছাও আৰু মেঘালয়ত বৰষুণ হৈ থাকিলে কপিলী নৈৰ জলপৃষ্ঠ অধিক বৃদ্ধি পাব বুলি সূত্রত প্রকাশ। ইপিনে, কামপুৰত যোৱা নিশাৰ পৰা কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে কপিলী নদীৰ লগত সংলগ্ন যমুনা, হাৰিয়া আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। কপিলী ৰৈ পানী বাগৰিলে বকুলগুৰি, পদুমণি, কলনি, যমুনামুখ, কচুৱা, কামপুৰ, চাংচকী, গাৰোখুন্দা আদিকে ধৰি মধ্য অসমৰ বহু অঞ্চল বানপানীৰ কবলত পৰাৰ সম্ভাবনা আছে।

ইতিমধ্যে নগাঁও জিলাৰ প্ৰশাসনে কপিলী নৈ পৰীয়া লোকক সতৰ্ক হৈ থাকিবৰ বাবে জানন জাৰি কৰিছে। বাতৰি লিখাৰ সময়ত কামপুৰত বৰষুণ কমিছে যদিও কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ এক সূত্র মতে, খান্দং বান্ধৰ সাতখন গেট মুকলি হৈ আছে আৰু পানীৰ গতি স্বাভাৱিক অৱস্থাত আছে।

# কামপুৰত কপিলীৰ জলপৃষ্ঠ বৃদ্ধি

উমৰাংছ’ৰ খান্দুং বান্ধৰ সাতখনকৈ গেট খুলি দিয়াৰ ফলত কামপুৰত যোৱা নিশাৰ পৰা কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত কপিলী, যমুনা হাৰিয়া, বৰপানী আদি নৈপৰীয়া লোক যথেষ্ট শংকাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। কপিলী নদীৰ পানী বাগৰিলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব বকুলগুৰী, পদুমনি, কলনি, যমুনামুখ, কচুৱা, কামপুৰ, চাংচকি, গাৰোখুন্দা আদি কৰি বহু অঞ্চল। ইফালে, নৈপৰীয়া লোকক প্রশাসনে সাৱধানতা অৱলম্বন কৰিবৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে।

Exit mobile version