366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

কৃত্রিম বানৰ প্ৰকোপ অদ্যাপি অব্যাহত

lanslide 1

366 places in Guwahati are highly sensitive to landslides:

গুৱাহাটীকে ধৰি ৰাজ্যৰ কে’বাখনো জিলাত আগন্তুক এসপ্তাহলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰাৰ পাছত বিশেষকৈ মহানগৰীৰ বিস্তৃত অঞ্চলৰ নাগৰিকে গভীৰ আশংকাত কটাবলগীয়া হৈছে। কৃত্রিম বানৰ সমান্তৰালকৈ সংশয় গভীৰ হৈছে ভূমিস্খলনৰো। কৃত্রিম বান আৰু ভূমিস্খলনৰ প্রকোপ আজিও মহানগৰীত গভীৰ হৈ ৰয়।

ADVERTISEMENT

কালি যি কৃত্রিম বানে মহানগৰীৰ বৃহৎ অঞ্চলক জুৰুলা কৰে, তাৰ প্ৰভাৱৰ পৰা আজিও মুক্ত নহ’ল কে’বাটাও অঞ্চল। উদাহৰণ স্বৰূপে ৰুক্মিণীগাঁও আৰু হাতীগাঁৱৰ কে’বাটাও উপ-পথ আজিও একাঁঠু গভীৰ পানীত বুৰ গৈ থাকে। তদুপৰি অনিল নগৰ, নবীন নগৰ, বেলতলাৰ ছার্ভে আদি অঞ্চল এনে অৱস্থাত আছে যে এজাক বৰষুণ হ’লেই মুহূৰ্ততে সৃষ্টি হ’ব পাৰে নাজল নাথল পৰিস্থিতিৰ।

ইয়াৰ মাজতে মহানগৰীৰ পাহাৰীয়া বহুকেইটা অঞ্চল ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰ হৈ পৰিছে। ইয়াৰ মাজতে ভূমিস্খলন অব্যাহতও আছে। মঙলবাৰে পুৱতি নিশা বৰাগাঁৱৰ নিজৰাপাৰৰ এটা পকী ঘৰৰ পাকঘৰৰ মজিয়া হঠাৎ খহি পৰে। ফলত পাকঘৰটো একপ্ৰকাৰ শূন্যত ওলমি ৰয়। সেই সময়ত পাকঘৰটোত কোনো নাছিল বাবে পৰিয়ালটোৰ লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। হৃদয়ানন্দ কলিতা নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনাৰ পাছত সমগ্র অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে। তদুপৰি কলিতাৰ ঘৰটোৰ অন্যান্য কোঠাও যিকোনো মুহূৰ্তত খহি পৰাৰ আশংকা বৃদ্ধি হৈছে।

যোৱা তিনি বছৰত মহানগৰীৰ পাহাৰীয়া অঞ্চলত ২৫০তকৈয়ো অধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। সা-সম্পত্তিৰ লগতে বহু লোকে এই ঘটনাত প্রাণ হেৰুৱাইছে। মহানগৰীৰ ৩৬৬টা স্থান অতি স্পর্শকাতৰৰূপে চিহ্নিত কৰা হৈছে। ইয়াৰ বিপৰীতে জিলা প্ৰশাসনৰ নিষ্ক্রিয়তাৰহে অভিযোগ উত্থাপিত হৈছে।

স্পৰ্শকাতৰ স্থানবোৰৰ ভিতৰত আছে ফটাশিলৰ পাঁচটা, গড়চুকৰ নটা, গোটানগৰৰ ছটা, হেঙেৰাবাৰীৰ ৩০টা, লংকেশ্বৰৰ দুটা, কাহিলিপাৰাৰ ২৫টা, কালাপাহাৰৰ সাতটা, নীলাচল পাহাৰৰ পাঁচটা, খানাপাৰাৰ ৩৩টা, খাৰঘুলিৰ ৩৭টা, কইনাধৰাৰ পাঁচটা, মালিগাঁৱৰ সাতটা, নৱগ্ৰহৰ ছটা, নৰকাসুৰ পাহাৰৰ ১৪টা, নাৰেংগীৰ ৩১টা, নুনমাটিৰ ৪০টা, শান্তিপুৰৰ ২০টা, শৰণীয়াৰ পাঁচটা, শুক্ৰেশ্বৰৰ এটা আৰু চূণচালিৰ ৭৭টা। গুৱাহাটীত মুঠ ১৯ খন পাহাৰ আছে। এই পাহাৰবোৰত থকা স্পৰ্শকাতৰ অঞ্চলৰ ৯৫ শতাংশই মানৱসৃষ্ট বুলি দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ।

Exit mobile version