এইবাৰ একেলগে প্ৰায় ২০০ টা ঔষধ , ইঞ্জেকচন বাতিল কৰিলে কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (CDSCO)।বাতিল হোৱা ঔষধসমূহৰ ভিতৰত কোনোটো যদি জ্বৰ, চৰ্দি, কাহৰ , কোনোটো আকৌ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
কেৱল সেয়াই নহয়, এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে প্ৰসাধন সামগ্ৰীও।
সদ্য বাতিল হোৱা ঔষধসমূহৰ প্ৰত্যেকটো সুপৰিচিত আৰু বহুলভাৱে ব্যৱহৃত ঔষধ, গতিকে তালিকাখন প্ৰকাশ পোৱাৰ পাছতে চকু কপালত উঠিছে জনসাধাৰণৰ!
নিষিদ্ধ সামগ্ৰীৰ তালিকাত ১৯৬টা ঔষধ, বেজী আৰু প্ৰসাধনৰ সামগ্ৰীও উল্লেখ্য আছে। চিডিএছচিঅ’ই প্ৰতিমাহে বিভিন্ন ঔষধৰ গুণগত মানো পৰীক্ষা কৰে।
ঔষধৰ এটা গোট পৰীক্ষা কৰা হয় আৰু সেইবোৰে কিছুমান নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰে নে নাই তাক পৰীক্ষা কৰা হয় । ইয়াৰ পাছতে ঔষধৰ অনুমোদন দিয়া হয়।
চিডিএছচিঅ’ই প্ৰতিমাহে নন-ষ্টেণ্ডাৰ্ড কুৱেলিটি (এনএছকিউ) সামগ্ৰীৰ তালিকাও প্ৰকাশ কৰে।
এপ্ৰিল মাহৰ এন এছ কিউ তালিকাত অন্তৰ্ভুক্ত কিছুমান ঔষধ হৈছে ‘ফিক্সড ড’জ কম্বিনেচন’ (এফ ডি চি) ঔষধ।
যিবোৰ ঔষধত দুটা বা তাতকৈ অধিক ঔষধৰ উপাদানৰ সংমিশ্ৰণ এটা নিৰ্দিষ্ট অনুপাতত থাকে, সেইবোৰক এফ ডি চি ঔষধ বোলা হয়।
জনপ্ৰিয় ভাষাত ইয়াক ‘ককটেল’ ঔষধ বুলিও ক’ব পাৰি।এই তালিকাত পেৰাচিটামলৰ দৰে ঔষধৰ লগতে কাহৰ চিৰাপ আৰু এন্টি এলাৰ্জী ঔষধো সন্নিবিষ্ট কৰা হৈছে।
পুনৰ ‘মামাআৰ্থ’ নামৰ প্ৰসাধন কোম্পানীটোৰ সামগ্ৰীসমূহো গুণগত মানৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে বাতিল কৰা হৈছে।
দেশৰ অন্যতম শীৰ্ষ ঔষধ নিয়ন্ত্ৰণ সংস্থা ডেকা-ডুৰাবলিন বেজীৰ এটা বেচকো নিষিদ্ধ কৰিছে কেন্দ্ৰই। এই বেজী ৰক্তহীনতা নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰা হয় ।
উল্লেখ্য যে,২০২৫ চনৰ এপ্ৰিল মাহৰ এন এছ কিউ তালিকাত থকা ঔষধৰ নমুনাৰ ভিতৰত ৬০টা কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰত আৰু ১৩৬টা ৰাজ্যৰ ঔষধ পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছিল।