Arunachal Pradesh:
দেশৰ বিভিন্ন নিযুক্তি পৰীক্ষা বৃহৎ অসাধু চক্ৰৰ হাতোৰাত বন্দী হৈছে। অলপতে অৰুণাচল প্রদেশত এক নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি হাৰিয়ানাৰ অর্ধশতাধিক পৰীক্ষার্থী জালত পৰাত এই প্রশ্নৰ উদয় হৈছে।
উল্লেখ্য যে যোৱা ১৮ মে’ত দেশজুৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই)ৰ কিছু সংখ্যক অনা-শৈক্ষিক পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। কনিষ্ঠ সচিবীয় সহায়ক (জেএছএ) আৰু পৰীক্ষাগাৰ সহায়ক (এলএ) কে ধৰি বিভিন্ন অনা-শৈক্ষিক পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ দুটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষার্থীয়ে অসৎ উপায় অৱলম্বন কৰাৰ ঘটনা ধৰা পৰে।
ঘটনা সংক্রান্তত আৰক্ষীয়ে ৫০ জনৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে। আশ্চর্যজনক যে এই অর্ধশতাধিক পৰীক্ষাৰ্থী হৈছে সুদূৰ হাৰিয়ানাৰ। ২.৬০০ কিলোমিটাৰ দূৰৰ হাৰিয়ানাৰ পৰা আহি এই বৃহৎ সংখ্যক পৰীক্ষাৰ্থীয়ে কি কাৰণত দুর্গম অৰুণাচল প্ৰদেশত পৰীক্ষাত অৱতীৰ্ণ হ’ল সেয়াও পোহৰলৈ আহিছে। পৰীক্ষাৰ্থীৰ দ্বাৰা অসৎ উপায় অবলম্বনৰ এই ঘটনা সংঘটিত হয় ইটানগৰৰ কিংকাপ পাব্লিক স্কুল পৰীক্ষা কেন্দ্ৰত আৰু বিবেকানন্দ কেন্দ্র বিদ্যালয় চিম্পু পৰীক্ষা কেন্দ্ৰত।
শেহতীয়া প্ৰযুক্তিৰ ইলেক্ট্র’নিক ডিভাইচ আৰু খালী চকুৰে নমনা ক্ষুদ্র ইয়েৰ ফোনৰ সহায়ত এই পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহত অসৎ উপায় অৱলম্বনৰ অপচেষ্ট চলাই জালত পৰে। এই সম্পৰ্কত ইটানগৰৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে সংবাদ মাধ্যমক জনোৱা মতে, এই ধৃত পৰীক্ষাৰ্থীসকলৰ ২৩ জনক কিংকাপ পৰীক্ষা কেন্দ্ৰৰ পৰা আন এজনক বিবেকানন্দ কেন্দ্র বিদ্যালয় পৰীক্ষাগৃহৰ পৰা প্রথমে গ্ৰেপ্তাৰ কৰা হয়।
সেই মর্মে আৰক্ষী পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ ছাত্ৰজনৰ পৰা এটা ক্ষুদ্র ইলেক্ট্রনিকছ ডিভাইচ আৰু ইয়েৰপিচ উদ্ধাৰ কৰে। তেওঁ জেৰাৰ সময়ত প্ৰকাশ কৰা তথ্যৰ ভিত্তিত কেন্দ্ৰটোৰ পৰা আন ২২ জন পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হয়। তদুপৰি বিবেকানন্দ কেন্দ্র বিদ্যালয়ৰ পৰাও আন এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী তদন্তত বাকীসকল অভিযুক্ত জালত পৰে।’ পৰীক্ষাৰ্থীৰ দ্বাৰা সংঘটিত এই অনিয়ম ধৰা পৰাৰ পাছত কিছুসময়লৈ পৰীক্ষা স্থগিত ৰখা হয় বুলিও তেওঁ জনায়। ইতিমধ্যে ধৃত অভিযুক্তসকলে অপৰাধ স্বীকাৰ কৰিছে বুলি সদৰী কৰি আৰক্ষী অধীক্ষকে আৰু কয়, ‘শেহতীয়া প্ৰযুক্তিৰ ইলেক্ট্রনিক ডিভাইচ আৰু জিএছএম সবলীকৃত ইয়েৰপিচেৰে এইসকলে পৰীক্ষাত অসৎ উপায় অৱলম্বনৰ অপচেষ্ট কৰে।
তেওঁলোকৰ পৰা ২৯ টা এনে সঁজুলি জব্দ কৰা হৈছে।’ আৰক্ষী অধীক্ষকজনে কয় যে তদন্তত উদ্ধাৰ হোৱা তথ্য অনুসৰি বুজন ধনৰ লেনদেনৰ বিনিময়ত এটা অসাধু চক্রই এই পৰীক্ষাৰ্থীসকলক পৰীক্ষাগৃহত উত্তৰ যোগান ধৰি সহায় কৰাৰ প্রতিশ্রুতি দিয়ে। অসাধু চক্ৰটোৰ পৰামৰ্শ অনুসৰিয়ে তেওঁলোকে দুর্গম স্থানৰ পৰীক্ষা কেন্দ্ৰ বাছি লয়। কাৰণ এনে স্থানত পৰীক্ষা কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা দুর্বল হ’ব বুলি চক্ৰটোৱে ধাৰণা কৰে।
#কেনেদৰে পৰীক্ষাগৃহত পৰীক্ষাৰ্থীক সহায় কৰে অসাধু চক্রই
পৰীক্ষাৰ প্ৰৱেশপত্র লাভ কৰাৰ পাছত নির্দিষ্ট পৰীক্ষাৰ্থীসকলক হাৰিয়ানাৰ এই অসাধু চক্রই জিএছএমযুক্ত ডিভাইচ প্রণন কৰি এইসমূহ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়ে। এই বিষয়ে অধিক তথ্য সদৰী কৰি আৰক্ষী অধীক্ষক সিঙে কয়, ‘পৰীক্ষাৰ্থীসকলে ইলেক্ট্র’নিক ডিভাইচসমূহ অন্তর্বাসত লুকুৱাই পৰীক্ষাগৃহত প্রবেশ কৰে। তেওঁলোকে অসাধু চক্ৰৰ পৰা পোৱা ইয়েৰপিচসমূহ কাণত লগাই থলেও খালী চকুত সেইবোৰ ধৰা নপৰে। ৷
পাছত পৰীক্ষাগৃহত এই পৰীক্ষাৰ্থীসকলক অসাধু চক্ৰই বাহিৰৰ পৰা প্ৰশ্নৰ উত্তৰসমূহ যোগান ধৰে।’ প্রথমে চক্ৰটোৰ লোকে পৰীক্ষাৰ্থীসকলক প্ৰশ্নকাকতৰ কোনটো ভাগ (ছেট) লাভ কৰিছে সেই বিষয়ে সোধে। সেই সময়ত লোকজনে প্রথমে ‘এ’ বুলি উচ্চাৰণ কৰি কেইমুহূৰ্তমান অপেক্ষা কৰে। তেনেদৰে ‘বি’ বা ‘চি’ ছেটৰ কথা সোধে। ‘এ’ ছেটৰ প্ৰশ্নকাকত হ’লে পৰীক্ষার্থীজনে এটা কাহ মাৰে। ‘বি’ ছেটৰ হ’লে দুটা আৰু ‘চি’ ছেটৰ হ’লে তিনিটা কাহ মাৰে। সেই মর্মে তেওঁলোকক অসাধু চক্রই কাণত সংশ্লিষ্ট কাকতৰ উত্তৰসমূহ কৈ দিয়ে। কাৰণ কাণত খালী চকুৰে নমনা ইয়েৰপিচ লগাই ৰাখে এনে অসাধু পৰীক্ষার্থীয়ে।
তদন্তকাৰী আৰক্ষীয়ে উক্ত নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱাৰ সন্দেহ কৰিছে। আৰক্ষী অধীক্ষক সিঙে লগতে জনোৱা মতে, কেৱল অৰুণাচল প্রদেশতে নহয়, নগালেণ্ডৰ ডিমাপুৰ, ছিকিম আৰু উত্তৰাখণ্ডৰ ডেৰাডুনৰ পৰীক্ষা কেন্দ্ৰতো এনে অনিয়ম সংঘটিত হৈছে। সম্প্রতি এইসমূহ কেন্দ্ৰৰ পৰীক্ষাৰ্থীক লৈও অনুসন্ধান অব্যাহত আছে বুলি তেওঁ জনায়। এই অসাধু চক্র জালত পেলোৱাৰ উদ্দেশ্যে অৰুণাচল প্রদেশ আৰক্ষীয়ে নগালেণ্ড, ছিকিম আৰু উত্তৰাখণ্ড আৰক্ষীৰ স’তে যোগাযোগ কৰিছে |