Japanese Baba Bhanga’s prediction:
জাপানৰ নতুন বাবা ভাংগাৰূপে খ্যাত ৰিঅ’ টাটছ্যুকিৰ এক ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি আতংক-আড়োলনৰ সৃষ্টি হৈছে। পূর্বে টাটছ্যুকিয়ে কৰা বিভিন্ন ভৱিষ্যদ্বাণী সময়ত সম্পূর্ণৰূপে সত্য প্রমাণিত হোৱাত ভৱিষ্যদ্বাণীৰ গুৰুত্ব আছে। উল্লেখ্য যে কিছু বছৰ পূৰ্বে এই নতুন জাপানী বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰে যে চলিত বৰ্ষৰ জুলাইত জাপানৰ বৃহৎ অংশ এক ভয়ংকৰ চুনামিৰ কৱলত পৰিব। তেওঁৰ পূৰ্বৰ ভৱিষ্যদ্বাণীসমূহ আখৰে আখৰে শুদ্ধ প্রমাণিত হোৱাত তেওঁৰ এই ভৱিষ্যদ্বাণীয়ে বিশ্বজুৰি চৰ্চা অৰ্জন কৰিছে।
#কোন এই নতুন বাবা ভাংগা
বিগত তিনি-চাৰি দশক ধৰি বিভিন্ন শুদ্ধ ভবিষ্যদ্বাণীৰে অনেক চমকিত কৰি অহা ৰিঅ’ টাটছ্যুকি হৈছে এগৰাকী জাপানী মাংগা শিল্পী (কৌতুক শিল্পী)। তেওঁৰ ভৱিষ্যদ্বাণীসমূহৰ স’তে বুলগেৰিয়াৰ ৰহস্যবিদ বাবা ভাংগাৰ ভবিষ্যদ্বাণীৰ সাদৃশ্য বিচাৰি পাইছে। ১৯৯৯৩ টাটছ্যুকিৰ ‘দ্য ফিউচাৰ আই ছ’ শীর্ষক এখন গ্রন্থ প্রকাশ পায়। বিভিন্ন ভৱিষ্যদ্বাণী সম্বলিত এই গ্রন্থ প্ৰকাশৰ লগে লগে টাটচ্যুকিয়ে অনেকৰ মনোযোগ আকৰ্ষণ কৰে।
গ্ৰন্থখনত সন্নিবিষ্ট টাটচ্যুকিৰ বহু ভৱিষ্যদ্বাণী সময়ত আখৰে আখৰে শুদ্ধ প্রমাণিত হৈছে। সেয়েহে তেওঁ কেৱল জাপানতে নহয় বিশ্বৰ আন বহু স্থানতো সমাদৃত হৈছে। টাটত্যুকিয়ে কৰা ভবিষ্যদ্বাণীসমূহৰ অন্যতম হ’ল ২০১১ৰ মাৰ্চৰ জাপানৰ ভূমিকম্প-চুনামিৰ বিষয়ে কৰা ভৱিষ্যদ্বাণী। ১৮ হেজাৰৰো অধিক লোকৰ প্ৰাণহানি কৰা এই ভূমিকম্প চুনামিয়ে দ্বীপ ৰাষ্ট্ৰখনৰ উত্তৰাঞ্চলৰ টহক’ অঞ্চল একপ্ৰকাৰ ধ্বংসস্তূপত পৰিণত কৰে। এই ভূমিকম্প তথা চুনামি ইমানেই ভয়াৱহ আছিল যে ইয়ে ফুকুশিমা পাৰমাণৱিক ক্ষেত্ৰতো দুৰ্যোগৰ সৃষ্টি কৰে। আশ্চর্যজনক যে এই ভয়াৱহ ভূমিকম্প আৰু চুনামিৰ বিষয়ে টাটছাকিয়ে শুদ্ধ ভবিষ্যদ্বাণী কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ এই বছৰৰ জুলাইত জাপানত ভয়াৱহ প্রাকৃতিক দুর্যোগে পুনৰ দেখা দিব বুলি কৰা ভবিষ্যদ্বাণীয়ে সমগ্র বিশ্বতে জোঁকাৰণি তুলিছে। টাটঢ্যুকিৰ উক্ত গ্রন্থত কিংবদন্তি ফ্রেডী মাৰক্যুৰিৰ মৃত্যু আৰু ১৯৯৫ৰ ক’বেৰ ভূমিকম্পৰ ভবিষ্যদ্বাণীও উল্লেখ আছে।
# কি ঘটিব জুলাই, ২০২৫ত
অহা জুলাইত জাপানক এক ভয়াৱহ প্রাকৃতিক দুর্যোগে চুৰমাৰ কৰিব বুলি টাটছ্যুকিয়ে ভবিষ্যদ্বাণী কৰি থৈছে। তেওঁৰ ‘দ্য ফিউচাৰ আই ছ’ গ্ৰন্থখনৰ এক সংশোধিত সংস্কৰণ ২০২১ত প্রকাশ পায়। এই গ্রন্থত উল্লেখ কৰা অনুসৰি অহা জুলাইত জাপান আৰু ফিলিপিনছৰ ভূগর্ভ সাগ্ৰত এক বৃহৎ ভাঙোনৰ সৃষ্টি হ’ব। ইয়াৰ ফলত ২০১১ৰ চুনামিতকৈ তিনিগুণ অধিক শক্তিশালী চুনামিৰ সৃষ্টি হ’ব। এই চুনামিৰ উৎপত্তিস্থল জাপান, ইণ্ডোনেছিয়া, টাইৱান আৰু উত্তৰ মেৰিয়ানা দ্বীপপুঞ্জক সংযোগ কৰা হীৰা আকৃতিৰ অঞ্চলত হ’ব। উত্তৰ মেৰিয়ানা দ্বীপপুঞ্জ হৈছে অত্যন্ত ভূমিকম্প প্ৰৱণ আৰু এই দ্বীপপুঞ্জ প্রশান্ত মহাসাগৰৰ এটা অংশ।
# জাপান ভ্রমণ বাতিল অনেকৰ: চীন চৰকাৰৰ সতর্কবাণী
বাবা ভাংগাৰ ভবিষ্যদ্বাণীয়ে উদ্বিগ্ন কৰা বিশ্বৰ অনেক লোকে কেৱল জুলাইয়ে নহয়, আগন্তুক কিছু মাহৰ জাপান ভ্রমণ বাতিল কৰিছে। জাপান ভ্রমণ বাতিল কৰা লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাই আহিছে। এই সম্পর্কত হংকংস্থিত ভ্রমণ সংস্থা ডব্লিউডব্লিউপিকেজিয়ে প্রকাশ কৰা অনুসবি সংস্থাটোৰ জৰিয়তে আগন্তুক কিছু মাহত জাপান ভ্রমণ কৰিবলৈ যোৱা লোকসকলৰ কমেও ৫০ শতাংশই ভ্রমণ বাতিল কৰিছে। আগন্তুক দিনত ইয়াৰ সংখ্যা বৃদ্ধিৰো আশংকা কৰিছে সংস্থাটোৱে।
এই সম্পৰ্কত সংস্থাটোৰ পৰিচালন সঞ্চালক চিএন যুৰেনে কয় যে শেহতীয়াভাৱে চীন চৰকাৰে আগন্তুক কিছু মাহত জাপান ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ দেশখনৰ লোকৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। টকিঅ’স্থিত চীনা দূতাবাসে এই কথা প্ৰকাশ কৰাৰ পাছতে দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণ কৰিবলৈ লোৱা লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। আনকি চীনা দূতাবাসে জাপানত থকা দেশখনৰ লোকক আগন্তুক দিনসমূহত সতর্ক হৈ চলিবলৈ পৰামৰ্শ দিছে।
ইয়ে জাপান ভ্রমণ কৰিবলৈ লোৱা বিভিন্ন দেশৰ লোকৰ মনত ভীতিৰ সঞ্চাৰ কৰিছে। কাজেই ভ্রমণ বাতিল কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। তদুপৰি বিভিন্ন সামাজিক মাধ্যমত হোৱা চৰ্চায়ো বহুজনৰ মনত আতংকৰ সৃষ্টি হৈছে। নতুন জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ সামাজিক মাধ্যমত এটা হেছটেগো প্ৰচাৰ হৈছে। বিশ্বৰ বহু দেশৰ লোকে এই হেছটেগ শ্বেয়াৰ কৰিছে। ফলত ভ্রমণকাৰীসকলৰ মনত দলৈকে ভয় শিপাইছে।