Covid cases: দেশত পুনৰ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ! তাৰ ভিতৰত দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিস্থিতি অধিক ভয়াৱহ। এই পৰ্যন্ত মে’ মাহত কেৰালাত ২৭৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।
ইফালে ৰাজধানী দিল্লীতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা।বৃহস্পতিবাৰলৈকে পোৱা তথ্য অনুসৰি ২৩ জন লোক নতুনকৈ এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে।
ফলত দিল্লী স্বাস্থ্য বিভাগে চিকিৎসালয়ত বিচনা, অক্সিজেন, ঔষধৰ পৰ্যাপ্ত ব্যৱস্থা নিশ্চিত কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।
সমগ্ৰ দেশতে বতৰ পৰিৱৰ্তনৰ সময় আহি পৰিছে। লাহে লাহে দেশত প্ৰৱেশ কৰিছে বাৰিষা। ঘৰে ঘৰে জ্বৰ, চৰ্দি, কাহ। এই পৰিবেশত হঠাৎ ক’ভিড-১৯(Covid-19) ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছে।
শুকুৰবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যখনৰ সকলো জিলাৰ পুনৰীক্ষণ বৃদ্ধিৰ নিৰ্দেশ দিয়ে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, কেৱল কেৰালাৰ কোট্টায়ামতে ৮২ জন লোক ক’ভিড আক্ৰান্ত হৈছে। তিৰুৱনন্তপুৰমত ৭৩ জন লোক। এৰ্নাকুলামত আক্ৰান্তৰ সংখ্যা ৪৯ সাধাৰণ জনতাক প্ৰয়োজন সাপেক্ষে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।
ইফালে দিল্লীত ক্ৰমাৎ বৃদ্ধি পোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গাইডলাইন জাৰি কৰিছে।দিল্লীৰ স্বাস্থ্যমন্ত্ৰী পংকজ সিঙে কয় যে এই পৰ্যন্ত ২৩ জন দিল্লীবাসী ক’ভিডত আক্ৰান্ত হৈছে।
তেওঁ কয়,”ইতিমধ্যে আমি চিকিৎসালয়সমূহৰ স’তে বৈঠকত মিলিত হৈছো। যিকোনো পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ আমি সাজু। পৰিস্থিতি নিৰীক্ষণৰ বাবে চৰকাৰে আঠজনীয়া এটা উচ্চ পৰ্যায়ৰ দল গঠন কৰিছে।’
কেৱল এই দুখন ৰাজ্যই নহয়, মহাৰাষ্ট্ৰ, তেলেংগানা, হাৰিয়ানা, গুজৰাট, কৰ্ণাটককে ধৰি কেবাখনো ৰাজ্যৰ বাসিন্দা ক’ভিড-১৯(Covid-19)ত আক্ৰান্ত হৈছে।
শুকুৰবাৰে গুজৰাটত ১৫জন কৰ’না আক্ৰান্ত লোক চিনাক্ত কৰা হয়। যদিও এই ভ্যাৰিয়েন্ট মাৰাত্মক নহয় বুলি জনা যায়।