IPL gamblers arrested In Guwahati:
টাটা আইপিএল মেচ আৰম্ভ হোৱাৰ পিচৰে পৰা গুৱাহাটী মহানগৰীত সংগোপনে অব্যাহত আছে আইপিএল জুৱা ৷
মহানগৰীৰ কেতবোৰ অঞ্চলত অবৈধভাৱে অব্যাহত ৰখা আইপিএল জুৱাৰ এটা চক্ৰক যোৱানিশা উৎখাত কৰিবলৈ সক্ষম হ’ল ফটাশিল আৰক্ষী ৷
ADVERTISEMENT
বিশেষ খবৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে গণেশপাৰাৰ দাঁতালপাৰা অঞ্চলৰ এটা বাসগৃহ অৰ্তকিতে অভিযান চলাই তিনি আইপিএল জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত জুৱাৰী কেইজনৰ নাম দ্বীপজ্যোতি বড়ো,কৃপাংকৰ শৰ্মা আৰু বিজয় শ্ব’ ৷ আৰক্ষীয়ে তিনি জুৱাৰীৰ পৰা জব্দ কৰে নগদ ধন,আপত্তিজনক সা-সামগ্ৰী আৰু নথিপত্ৰ ৷