COVID cases: দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰনা ভাইৰাছ (Covid-19)। দেশত সক্ৰিয় ক’ভিড (Covid-19)আক্ৰান্তৰ সংখ্যাই পুনৰ হেজাৰৰ সীমা অতিক্ৰম কৰিলে। কেবাখনো ৰাজ্যত এদিনতে একাধিক ক’ভিড পজিটিভ ধৰা পৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি সোমবাৰলৈকে দেশত সক্ৰিয় ক’ভিড (Covid-19)আক্ৰান্তৰ সংখ্যা ১,০০৯ জন।
দেওবাৰে সমগ্ৰ দেশতে এদিনতে ২৫৭ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰে। বেংগালুৰুত কোভিড আক্ৰান্ত এজন বৃদ্ধৰ মৃত্যু।
মহাৰাষ্ট্ৰতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড (Covid-19)আক্ৰান্তৰ সংখ্যা। এদিনতে ৰাজ্যখনত ৪৩ জন লোক ক’ভিড ত আক্ৰান্ত হৈছে।
বিশেষজ্ঞসকলৰ মতে বৰ্তমান ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পুৰণি ক’ভিডবিধি মানি চলিব লাগে । ভিৰ কৰা ঠাইত মাস্ক ব্যৱহাৰ কৰাৰ উপৰিও বৃদ্ধ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে।
কৰ’নাৰ নতুন ঢৌৰ স’তে মোকাবিলা কৰিবলৈ প্ৰশাসনে সম্পূৰ্ণ সাজু বুলি বাৰে বাৰে উল্লেখ কৰি আহিছে। সতৰ্ক হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।
এনে পৰিস্থিতিত বিশেষজ্ঞসকলৰ মতে আমাৰ জীৱনৰ আন ৰোগৰ দৰেই কৰ’নাও স্বাভাৱিক হৈ পৰিছে।
সমগ্ৰ দেশতে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তো আতংকিত নহ’বলৈ চিকিৎসকে আহ্বান জনাইছে।
অৱশ্যে জ্বৰ, ঠাণ্ডা লগা, বিষ আদি লক্ষণৰ পৰা জনসাধাৰণক সাৱধান হ’বলৈ অনুৰোধ জনাইছে।