Mumbai: কেৰালাত বাৰিষাৰ আগমনৰ লগে লগে মুম্বাই, পুনেকে ধৰি উপকূলীয় অঞ্চলত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। সোমবাৰে পুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে।
বৰষুণ আৰু ধুমুহাৰ ফলত বিমান চলাচল আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত প্ৰভাৱ পৰিছে।বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা তিনিৰ পৰা চাৰি ঘণ্টাত মুম্বাইৰ কেবাটাও অঞ্চলত আৰু অধিক বৰষুণ হ’ব পাৰে ।
কুৰলা, ছায়ন, দাদাৰ আৰু পাৰেলকে ধৰি কেবাটাও নিম্নভূমি অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইফালে পুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দৃশ্যমানতা কম হোৱাৰ বাবে ৰাজহুৱা পৰিবহণতো প্ৰভাৱ পৰিছে।
ইফালে, ৰে’ল লাইনত পানী জমা হোৱাৰ বাবে চেণ্ট্ৰেল, ৱেষ্টন আৰু হাৰ্বাৰ লাইনত ৰে’ল সেৱা ব্যাহত হৈছে। বেছিভাগ ৰেলৰ সময়সূচী সলনি কৰা হৈছে।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে প্ৰশাসনৰ বিষয়াসকলৰ স’তে সমগ্ৰ বিষয়টো আলোচনা কৰিছে।
দুৰ্যোগৰ স’তে মোকাবিলা কৰিবলৈ তেওঁ সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছে। পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে।
বানাক্ৰান্ত অঞ্চলৰ পথ, অভাৰব্ৰিজ, আৰু বিশেষকৈ বিদ্যুৎ পৰিবাহী লাইনৰ ওপৰত দৃষ্টি ৰাখিবলৈ কোৱা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি অহা কেইঘণ্টামানৰ ভিতৰত ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগেৰে বতাহৰ ধুমুহাকে ধৰি কেবাটাও অঞ্চলত ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা আছে।
ইফালে, মুম্বাইৰ কেবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।






























