দেশজুৰি বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ! কাম কৰা বন্ধ কৰিলে নেকি ভেকচিনে?

কিমান সুৰক্ষিত টিকাকৰণ কৰা লোকসকল?

images 16 3

Covid-19: দেশত সক্ৰিয় কৰ’না আক্ৰান্তৰ সংখ্যাই হাজাৰৰ সীমা অতিক্ৰম কৰিলে। এই সপ্তাহত দেশত নতুনকৈ ৭৫০ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৭ জন লোকৰ। সংক্ৰমণৰ ক্ষেত্ৰত কেৰালা শীৰ্ষত আছে। দক্ষিণ ৰাজ্যত এতিয়া ৪৩০ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত ।

মহাৰাষ্ট্ৰত ২০৯ জন লোক ক’ভিডত আক্ৰান্ত। দিল্লীত এই পৰ্যন্ত ১০৪ জন সক্ৰিয় ক’ভিড ৰোগী।অহৰহ বৃদ্ধি পাইছে এই ভাইৰাছৰ প্ৰভাৱ ।স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত ২৪ জন ৰোগী সুস্থ হৈ উঠিছে।

বহুতৰে মনত এটা প্ৰশ্ন, ভেকচিনৰ কাম বন্ধ হৈ গ’ল নেকি?বুষ্টাৰ ড’জে কাম নকৰে নেকি ?

বৰ্তমান দেশত যিমান কৰ’না ৰোগীৰ আছে সেই সকলো ক’ভিডৰ Omicron sub-variant ৰ দ্বাৰা আক্ৰান্ত হৈছে। sub-variant JN.1 আৰু LF.7 য়ে নিজৰ আধিপত্য দেখুৱাইছে।

চিকিৎসকে কয় যে মানুহে অপ্ৰয়োজনীয়ভাৱে আতংকিত হ’ব নালাগে, এই সকলোবোৰ ৰূপ ইমান বিপদজনক নহয়।

একে সময়তে তেওঁলোকে উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। মানুহে সুৰক্ষা বজাই ৰাখিবলৈ সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ।

কৰ’না ভেকচিন আৰু বুষ্টাৰ ড’জৰ প্ৰভাৱ শেষ হৈ গৈছে নেকি ?

২০২০ৰ পৰা ২০২২ চনলৈকে সমগ্ৰ বিশ্বক একপ্ৰকাৰে কঁপাই তুলিলে কৰ’নাই। কোনোবাই যদি আত্মীয়ক হেৰুৱালে। কোনোবাই আকৌ নিজৰ উপাৰ্জন হেৰুৱালে। তিনি বছৰৰ পাছত পুনৰ আবিৰ্ভাৱ হৈছে কৰ’নাৰ এটা নতুন উপপ্ৰজাতি NB.1.8.1।

যোৱা কেইদিনমানৰ পৰা মালয়েছিয়া, ছিংগাপুৰ, হংকঙৰ দৰে ঠাইত ই লাহে লাহে বৃদ্ধি পাইছে। ভাৰততো বৃদ্ধি পাইছে আতংক। এনে পৰিস্থিতিত সুৰক্ষাৰ বাবে পুনৰ আলোচনালৈ আহিছে কৰ’না ভেকচিন আৰু বুষ্টাৰ ড’জ।

চিকিৎসকে কয় ,বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কৰ’না ভেকচিন বা বুষ্টাৰ ড’জৰ প্ৰয়োজন নাই বুলি । কৰ’না ভেকচিনে সকলোকে আজীৱন কৰ’না ভাইৰাছৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই। কেইবছৰমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰে।

শৰীৰত তৈয়াৰী ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বুষ্টাৰ ড’জ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, যাতে আপোনাৰ শৰীৰ কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হয় আৰু আপুনি ৰোগৰ পৰা অধিক পৰ্যাপ্ত সুৰক্ষা লাভ কৰিব পাৰে।

একাংশ চিকিৎসকৰ মতে ভাৰতত দিয়া ভেকচিন আৰু বুষ্টাৰ ড’জে এই ভিন্নতাৰ বিৰুদ্ধে যুঁজত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব। বিশেষজ্ঞসকলৰ মতে এই ভেকচিনে সুৰক্ষা প্ৰদান কৰিলেও টিকাকৰণ কৰা লোক সামান্যভাৱে সংক্ৰমিত হ’ব পাৰে।

পূৰ্বৰ টিকাকৰণৰ পৰা লাভ কৰা প্ৰতিৰোধ ক্ষমতা সময়ৰ লগে লগে কমি যায়। স্বাস্থ্য মন্ত্ৰালয়ে বৃদ্ধসকলক বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

Exit mobile version