Jammu and Kashmir: অপাৰেচন সিন্দূৰৰ পাছত বিগত আঠ মে’ত পাকিস্তানৰ সংঘটিত প্রতিশোধমূলক আক্রমণত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছিল জম্মু-কাশ্মীৰৰ বাসিন্দাসকল৷ ক্ষতিগ্ৰস্তসকলক চৰকাৰে সহায় কৰিছে যদিও সেয়া নূন্যতম।
পাকিস্তানৰ আক্ৰমণত বহুতৰে ঘৰ ধ্বংস হৈ ২৫ লাখ টকাৰ ক্ষতিসাধন হৈছে যদিও চৰকাৰে মাত্ৰ ১০ হেজাৰ টকাহে সাহায্য প্ৰদান কৰিছে। এই ঘটনাক লৈ অতিশয় ক্ষুব্ধ হৈ পৰিছে কাশ্মীৰৰ বাসিন্দাসকল।
উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ এজন বাসিন্দা মহম্মদ মকবুল খান। তেওঁৰ ঘৰটো নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত।বিগত আঠ মে’ত পাকিস্তানৰ আক্ৰমণৰ বাবে ২৫-৩০ লাখ টকাৰ ঘৰসমূহ কাৰ্যতঃ ধ্বংসাৱশেষলৈ পৰিণত হৈছে।
তেওঁ কয়, “কেৱল ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈয়ে আমাৰ ১৫ হেজাৰ টকা খৰচ হৈছে।কিন্তু চৰকাৰে মাত্ৰ ১০ হেজাৰ টকীয়া ক্ষতিপূৰণহে দিছে।”
মকবুলৰ দাবী,”উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু আৰক্ষী বিষয়া আমাৰ গাঁৱলৈ আহিছে। মোৰ ঘৰৰ ক্ষতি সন্মুখৰ পৰাই দেখি গৈছে। তাৰ পাছত ক্ষতিপূৰণ পাই মই স্তম্ভিত হৈ পৰিলোঁ। “কি ক’ম বুজি পোৱা নাই।”
উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানৰ মৰ্টাৰ গোলাবৰ্ষণত এশৰো অধিক ঘৰ ধ্বংস হৈছে। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত চৈয়দ মুস্তাফাৰ ভগ্নীৰ ঘৰো ক্ষতিগ্ৰস্ত হয়।
মুস্তাফাই কয়, “ঘৰটোৰ সামগ্ৰীৰ লগতে বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।খিৰিকীৰ গ্লাছ আৰু দুৱাৰ ভাঙি গৈছিল, বেৰত প্ৰকাণ্ড ফাট মেলিছিল। ক্ষয়-ক্ষতিৰ পৰিমাণ লক্ষাধিক হ’লেও চৰকাৰে ঘৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষতিপূৰণ হিচাপে মাত্ৰ ৬৫০০ টকাহে দিছিল।চৰকাৰে আমাৰ লগত ধেমালি কৰিছে নেকি?”
উৰিৰ চালামাবাদ গাঁৱতো একেদৰেই অসংখ্য ঘৰৰ ক্ষতিসাধন হয়। তালিব হুছেইন আৰু মহম্মদ ইউনুছৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। গাঁও পঞ্চায়তৰ মুৰব্বী আব্দুল ৰছিদে কয়, “আমাৰ গাঁৱত পকা ঘৰ নিৰ্মাণ কৰাটো অতি ব্যয়বহুল।দুমহলীয়া ঘৰ সাজিবলৈ ৩৫ৰ পৰা ৪০ লাখ টকা খৰচ হয়। অথচ চৰকাৰে তালিব আৰু ইউনুছক মাত্ৰ ১.৩০ লাখ টকাহে দিছে। “যি ক্ষতি পূৰণ চৰকাৰে দিছে সেই ধনেৰে ঘৰ নিৰ্মাণ কৰাটো একেবাৰে অসম্ভৱ।”
গাঁওবাসীয়ে অভিযোগ কৰিছে যে সীমান্তৱৰ্তী গাঁৱত লাখ লাখ টকাৰ ক্ষতিপূৰণ চৰকাৰে ছয় হেজাৰ পৰা ১০ হেজাৰ টকাৰ ভিতৰত ধন দিছে। এই অৱস্থাত গাঁৱৰ মানুহে কি কৰিব?
চৰকাৰে পৰ্যাপ্ত সহায় আগবঢ়াব লাগে। কেৱল সাধাৰণ নাগৰিকৰ ঘৰেই নহয়, সীমান্তৱৰ্তী অঞ্চল পুঞ্চ আৰু ৰাজৌৰীত যোৱা আঠ মে’ৰ পৰা পাকিস্তানৰ ধাৰাবাহিক আক্ৰমণৰ ফলত ৩১খন বিদ্যালয়ৰ ক্ষতিসাধন হৈছে।কেৱল পুঞ্চতে ২৩খন বিদ্যালয় ধ্বংস হৈছে।
তদুপৰি সাতখন চৰকাৰী বিদ্যালয় আৰু এখন ব্যক্তিগত বিদ্যালয় ধ্বংস হয়। চৰকাৰী সূত্ৰই দাবী কৰিছে যে সীমান্তৱৰ্তী গাঁওসমূহত ক্ষতি কিছু বেছি। ক্ষয়-ক্ষতিৰ ওপৰত ভিত্তি কৰি চৰকাৰে যিমান পাৰি ক্ষতিপূৰণ প্ৰদান কৰিছে।