India-Bangladesh border in Mankachar:
পাকিস্তানৰে ভাৰতৰ অব্যাহত থকা সংঘাত শেহতীয়াকৈ কিছু শাম কাটিছে যদিও এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে আন এক সংঘাত ঘটাৰ উপক্ৰম হৈছে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ৷
১৪ জন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ওভতাই দিয়াৰ বাবে আজি মানকাচৰৰ ঠাকুৰানবাৰী ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিভাগীয় নিয়ম অনুসৰি তৎপৰ হওতেই সংঘাত হয় বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰে ৷
উল্লেখ্য যে ১৪ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাংলাদেশত প্ৰৱেশক বাধাৰোপ কৰাৰ লগতে সোধা-পোছা কৰে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ আৰু বাংলাদেশৰ নাগৰিকে ৷ একেদৰে কাঁটা তাৰৰৰ সীপাৰৰ পৰা বিএছএফক হুংকাৰ দিয়ে বাংলাদেশৰ গঞাই ৷ ইয়াকে লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ ৪ জাঁই গুলীচালনা কৰে বিএছএফে ৷ বৰ্তমান পৰিস্থিতি উত্তেজনাময় হৈ আছে। আনহাতে ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতে মানকাচৰৰ ঠাকুৰানবাৰী ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈছে বিএছএফৰ উচ্চপদস্থ বিষয়া ৷