Rajyasabha Election: দুই বিদায়ী সাংসদ বীৰেন বৈশ্য-মিছন ৰঞ্জনেই পুনৰ প্রার্থিত্ব লাভৰ সম্ভাৱনা

১৯ জুনত অসমৰ ৰাজ্যসভাৰ দুখন খালী আসনৰ বাবে নিৰ্বাচন, দলে দলে দাবীদাৰ

baisha

Rajyasabha Election:

অহা ১৪ জুনত কার্যকাল সামৰণি পৰিব অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ প্ৰতিনিধি ক্রমে অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাসৰ। খালী হোৱা আসন দুখনৰ বাবে অহা ১৯ জুনত নির্বাচন অনুষ্ঠিত হ’ব বুলি সোমবাৰে নির্বাচন আয়োগে ঘোষণা কৰে। এই নিৰ্বাচনৰ বাবে অহা দুই জুনত জাননী জাৰি কৰা হ’ব। ন জুনত মনোনয়ন দাখিলৰ অন্তিম দিন। ১০ জুনত মনোনয়ন পৰীক্ষা কৰা হ’ব। ১২ জুন মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। যদিহে আসন দুখনৰ বাবে দুজনতকৈ অধিক প্রার্থী নাথাকে তেন্তে ১২ জুনতেই অনানুষ্ঠানিকভাবে নিশ্চিত হ’ব নির্বাচিত প্রার্থীৰ নাম।

ADVERTISEMENT

ইপিনে, অসম গণ পৰিষদৰ পৰা পুনৰ প্ৰাৰ্থিত্ব বিচাৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। ইয়াৰ বিপৰীতে বিজেপিয়ে মিছন ৰঞ্জন দাসকে পুনৰ প্রার্থীৰূপে প্ৰক্ষেপৰ সম্ভাৱনা অধিক। সাংসদ বৈশ্য এইবাৰো প্ৰাৰ্থিত্বৰ দাবীদাৰ হ’লেও দলৰ আন কে’বাজনো জ্যেষ্ঠ নেতাও আগ্রহী। যিহেতু বিজেপিয়ে অগপক আসনখন এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা বিৰাজমান, সেয়ে অগপ নেতৃত্বই প্রার্থীক লৈ কি সিদ্ধান্ত গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

ইপিনে, বিজেপিয়ে মিছন ৰঞ্জন দাসকে পুনৰ প্রার্থী প্রক্ষেপ কৰাৰ সম্ভাৱনা অধিক। কিয়নো বৰাকৰ জ্যেষ্ঠ নেতাজনে ৰাজ্যসভাৰ সাংসদৰূপে এবছৰো কার্যালয় সম্পূর্ণ কৰিব পৰা নাই। যোৱা বছৰ অনুষ্ঠিত লোকসভা নির্বাচনত কামাখ্যা প্রসাদ তাচা বিজয়ী হোৱাত তেওঁ ৰাজ্যসভাৰ আসনখনৰ পৰা পদত্যাগ কৰে। সেই খালী হোৱা আসনখনত বিজেপিয়ে দাসক প্রার্থিত্ব প্রদান কৰে। যোৱা আগষ্টতহে ৰাজ্যসভাৰ সাংসদৰূপে দাসে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেনে ক্ষেত্ৰত সম্পূর্ণ এটা কার্যকাল সম্পূৰ্ণ কৰাৰ সুযোগ বিজেপিয়ে দাসক দিব বিচাৰিছে। এই প্রসংগতে উল্লেখনীয় যে ২০২৬ত অসমৰ ৰাজ্যসভাৰ তিনিখন আসন খালী হ’ব। ইপিনে, অসমৰ লগতে তামিলনাডুৰ ছখন আসনৰ বাবেও ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Exit mobile version