ওড়িছাত মাওবাদীয়ে লুটিলে বিস্ফোৰক ভৰ্তি ট্ৰাক ! আক্ৰমণৰ পৰিকল্পনা? 

1748422256 maoist 1

Odisha: ট্ৰাক ভৰ্তি বিস্ফোৰক সামগ্ৰী লুটি নিলে মাওবাদীয়ে। ওড়িছাৰ ৰৌৰকেলাত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি, এখন শিলৰ কুৱেৰীত নিয়ন্ত্ৰিত বিস্ফোৰণ সংঘটিত কৰাৰ উদ্দেশ্যে এখন ট্ৰাকত বিস্ফোৰক কঢ়িয়াই অনা হৈছিল। পথত ট্ৰাক ৰখাই বিস্ফোৰক সামগ্ৰী লুটপাত কৰিলে মাওবাদীয়ে।

ইতিমধ্যে ঝাৰখণ্ডক সকীয়াই দিছে ওড়িশাই।সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ট্ৰাকখন ৰৌৰকেলাৰ কেবলং আৰক্ষী থানা এলেকাৰ মাজেৰে বাংকো শিল কুৱেৰী অভিমুখে গৈ আছিল।

শিলৰ কুৱেৰীৰ কামৰ বাবে কঢ়িয়াই অনা হৈছিল বিস্ফোৰক।সূত্ৰ অনুসৰি মাওবাদীৰ এটা দলে পথৰ মাজতে ট্ৰাকখন ৰখাই দিয়ে। চালকৰ মূৰত বন্দুক থৈ তেওঁক সাৰন্দা জংঘললৈ লৈ যায়।

এই ঘটনাৰ পাছতে এতিয়ালৈকে ট্ৰাকখনৰ কোনো সন্ধান পোৱা নাই । এই পৰ্যন্ত সন্ধান পোৱা নাই ট্ৰাকৰ চালক আৰু বাকী সদস্যসকল ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে ২০২৬ চনৰ ভিতৰত দেশখন মাওবাদী মুক্ত কৰা হ’ব।তাৰ পাছৰে পৰা ক্ৰমান্বয়ে আৰম্ভ হৈছে মাওবাদী দমন অভিযান।

Exit mobile version