UttarPradesh: উত্তৰ প্ৰদেশত বিয়পি পৰিছে ভুৱা চিকিৎসক! এইবাৰ প্ৰাণ হেৰুৱালে পাঁচ বছৰীয়া শিশুৱে। এই ঘটনাত দুই ভাতৃক গ্ৰেপ্তাৰ কৰা হয়। ভুৱা ডাক্তৰৰ অভিনয় কৰি অস্ত্ৰোপচাৰ কৰাৰ অভিযোগ।
তথ্য অনুসৰি ,যোগী আদিত্যনাথৰ ৰাজ্যৰ ছিৰিয়াৱা কলা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। বিগত ১৬ মে’ত পাঁচ বছৰীয়া শিশুটিক চিকিৎসাৰ বাবে চৰৱা মনুৰী পথৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
শিশুটিৰ পিতৃ ৰাম আছাৰে পুত্ৰ দিব্যাংশুৰ চিকিৎসাৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰাই গাফিলতিৰ অভিযোগ উত্থাপন কৰি আহিছিল।
এই ঘটনা জ্যেষ্ঠ চিকিৎসকৰ অনুপস্থিতিত সংঘটিত হয়। অভিযোগৰ ভিত্তিত বিকাশ কুমাৰ (২৬) আৰু বিষেশ কুমাৰ (২৫) নামৰ দুজন ভাতৃক গ্ৰেপ্তাৰ কৰা হয়।
তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে অভিযুক্ত কেইজন কৌশাম্বী জিলাৰ বাসিন্দা। জেৰাৰ সময়ত দুয়ো ভাতৃয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে আনমোল নামৰ ব্যক্তিগত চিকিৎসালয়খন খুলিছিল।
দাদা সঞ্জয় কুমাৰৰ নামত পঞ্জীয়ন কৰা হৈছে চিকিৎসালয়খন। আৰক্ষীয়ে জনোৱা মতে, দুয়োজন ভাতৃয়ে নিজকে চিকিৎসক বুলি দাবী কৰে।
যদিও তেওঁলোকৰ কোনো মেডিকেল ডিগ্ৰী নাই।ৰাম আছৰে আৰক্ষীক জনোৱা অনুসৰি, সেইদিনা পুত্ৰৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল ।
কিন্তু অস্ত্ৰোপচাৰ বিশেষজ্ঞজন সময়মতে উপস্থিত হ’ব নোৱাৰিলে। তেতিয়াই দুয়োজন ভাতৃয়ে সমগ্ৰ বিষয়টো চোৱা-চিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যাৰ পৰিণতি সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । ঘটনাৰ তদন্ত অব্যাহত আছে।চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰি ছীল কৰা হৈছে।






























