Operation Sindoor :অপাৰেচন সিন্দূৰৰ প্ৰেক্ষাপটত কেন্দ্ৰৰ বৃহৎ ঘোষণা । এইবাৰ ‘যৌথ কমাণ্ড’ৰ অধীনত পৰিচালিত হ’ব ভাৰতৰ তিনিবাহিনী।অৰ্থাৎ একেলগে কাম কৰিব স্থল, নৌসেনা, বায়ুসেনাই । ২৭ মে’ৰ পৰা কাৰ্যকৰী হ’ল এই নতুন অধিসূচনা।
বিগত ২২ এপ্ৰিলত পহলগাম সীমান্তত সংঘটিত আক্ৰমণৰ পাছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে বিগত ছয় মে’ৰ নিশা পাকিস্তান আৰু পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ চলাইছিল।
সেই অভিযান সফল কৰিবলৈ তিনিওটা শক্তিয়ে হাতে হাতে ধৰি কাম কৰিছিল। একেদৰে এতিয়াৰ পৰা স্থল, নৌসেনা আৰু বায়ুসেনাই একেলগে কাম কৰি শত্ৰুক উপযুক্ত উত্তৰ দিব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত কোৱা হৈছে, তিনিওটা সশস্ত্ৰ বাহিনীয়ে যাতে অধিক কাৰ্যক্ষমভাৱে কাম কৰিব পাৰে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কোনো জটিলতা নঘটে তাৰ বাবে এই পদক্ষেপ। গুৰুত্বপূৰ্ণ পদক্ষেপটোৰ লক্ষ্য হৈছে প্ৰতিৰক্ষাক আৰু অধিক শক্তিশালী কৰা।
উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তিনিওটা সেৱা যৌথভাৱে পৰিচালনাৰ বিষয়টো বিবেচনা কৰিছিল। সেয়েহে ২০২৩ চনৰ বাদল অধিৱেশনত সংসদৰ দুয়োটা সদনে আন্তঃসেৱা সংগঠন বিধেয়ক ২০২৩ গৃহীত কৰে। তাৰ পাছত সেই বছৰৰ ১৫ আগষ্টত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰে। তাৰ পাছতেই ই আইনত পৰিণত হয়।