Manipur:
চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ চৰকাৰ গঠনৰ যো-জা আৰম্ভ কৰিলে বিজেপিয়ে। গোষ্ঠী সংঘর্ষত বিগত প্রায় দুবছৰে জৰ্জৰিত ৰাজ্য খনত অব্যাহত থকা ৰাষ্ট্ৰপতিৰ শাসনৰ অন্ত পেলাই বিজেপিয়ে চৰকাৰ গঠনৰ দাবী জনাইছে।
বিজেপি বিধায়ক আৰু প্রাক্তন মন্ত্রী থকচম ৰাধে শ্যামে বুধবাৰে দাবী কৰে যে ৪৪ জন বিধায়কে ৰাইজৰ ইচ্ছা পূৰণ কৰি চৰকাৰ গঠন কৰিবলৈ সম্মত হৈছে। অবশ্যে কেন্দ্রীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত ল’ব। সংবাদ মাধ্যমক এই কথা জনোৱাৰ পূর্বে থকচম আৰু আন নজনসহ মুঠ ১০ বিধায়কে ৰাষ্ট্রপতি শাসন প্রত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰি ইম্ফলৰ ৰাজভৱনত ৰাজ্যপাল এ কে ভল্লাক সাক্ষাৎ কৰে।
বিজেপিৰ আঠজনসহ মুঠ ১০ জনীয়া এনডিএৰ বিধায়কৰ দলটোৱে ৰাজাপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। এই কথা সদৰী কবি থকচনে কয় যে তেওঁলোকে এখন জনপিয় চৰকাৰ গঠনৰ বাবে ৪৪ জন বিধায়ক সম্মত হোৱা বুলি ৰাজ্যপালক জনাইছে। ৰাজ্যপালে বিষয়টো সম্পর্কত ৰাষ্ট্ৰপতি শাসনক বিদায় দি তেওঁলোকৰ ভাষ্য শুনাৰ পাছত ৰাইজৰ স্বাৰ্থৰ হকে প্রয়োজনীয় ব্যৱস্থা ল’ব বুলি সঁহাৰি জনোৱাৰ বিষয়েও অৱগত কৰে থকচমে।
থকচমে কয়, ‘আমি এক ৰাষ্ট্রীয় দল। অৱশ্যে আমি যিদৰে সাজু হৈছো, সেয়া চৰকাৰ গঠনৰ দাবীৰ সমর্থক। অধ্যক্ষই ব্যক্তিগতভাবে আৰু যৌথভাৱেও বিধায়কসকলক সাক্ষাৎ কৰিছে। চৰকাৰ গঠনৰ বিষয়টোত কোনেও বিৰোধিতা কৰা নাই।’ তেওঁ কয় যে সম্প্রতি ৰাইজে এক কঠিন ব্যৱস্থাৰ মাজেৰে জীৱন যাপন কৰিবলগীয়া হৈছে। থকচমে কয়, ‘ইয়াৰ পূৰ্বৰ কাৰ্যকালত দুবছৰ ক’ভিডৰ বাবেই লোকচান হ’ল আৰু এই কার্যকালত সংঘৰ্ষৰ বাবে দুটা বছৰ লোকচান হ’ল।’ ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী এন বীৰেন সিঙেও কালি ৰাজ্যপালক সাক্ষাৎ কৰিছিল।
উল্লেখ্য যে যোবা এপ্রিলত মণিপুৰৰ ২১ জন বিধায়কে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। প্রধানমন্ত্রীক তেওঁলোকে আহ্বান জনাইছিল যে মণিপুৰত পুনৰ চৰকাৰ গঠন কৰিব লাগে। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰা দলটোৰ ভিতৰত এজন এনপিপি বিধায়কৰ উপৰি এজন নির্দলীয় বিধায়কো আছিল। নির্দলীয় বিধায়ক নিশিকান্ত সিঙে কয়, ‘আমি আশা কৰিছো যে শীঘ্ৰে মণিপুৰত চৰকাৰ গঠন হ’ব। আমি ৰাজ্যপালক এখন পত্র অর্পণ কৰিছো। এই পত্ৰত আমাক সমর্থন জনোৱা বিধায়কসকলৰ স্বাক্ষৰ আছে। মুঠ ২২ জনে এই পত্ৰত চহী কৰিছে।’ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিছিল।