Tata IPL Match: আইপিএলৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

হোম গ্ৰাউণ্ডত শোচনীয় পৰাজয় পঞ্জাৱ কিংছৰ

ipl

Tata IPL Match:

আইপিএলৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ৷ ৯ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ দলটোৰ ৷ পঞ্জাৱৰ ৰাজধানী চণ্ডীগড়ৰ মুলানপুৰৰ পিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হাইভল্টেজ প্ৰথম কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত নিজৰ গৃহ খেলপথাৰতে শোচনীয় পৰাস্ত হয় পঞ্জাৱ কিংছৰ

বৃহস্পতিবাৰৰ খেল খনততপ্ৰথমে বেটিং কৰি ১০১ ৰানতে ইনিংছ সামৰিছিল পঞ্জাৱে ৷ ইয়াৰ প্ৰত্যুত্তৰত ১০ অভাৰত ২টা উইকেট হেৰুৱাই সহজ বিজয় সাব্যস্ত কৰে আৰচিবি-এ ৷

আনহাতে শুকুৰবাৰে প্লে-অ’ফৰ দ্বিতীয়খন খেলত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছ ৷ সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব আইপিএলৰ এলিমিনেটৰ মেচখন ৷

আজিৰ বিজয়ী দলৰ সৈতে প্ৰথমখন কোৱালিফায়াৰৰ পৰাজিত দলে ১ জুনত খেলিব দ্বিতীয়খন কোৱালিফায়াৰ ৷ আনহাতে ৩ জুনত দ্বিতীয়খন কোৱালিফায়াৰৰ বিজয়ী দলৰ সৈতে ফাইনেলত অৱতীৰ্ণ হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

Exit mobile version