Cm Himanta Viswa Sarma:
গুৱাহাটীত মেঘালয়ৰ পানীয়ে কৃত্রিম বানৰ সৃষ্টি কৰি আহিছে বুলি অসম চৰকাৰে উত্থাপন কৰি অহা অভিযোগৰ সম্পৰ্কত অহা দুই জুনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পর্যায়ত বৈঠক অনুষ্ঠিত হ’ব।
ইয়াৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক গুৱাহাটীলৈ আমন্ত্রণ জনোৱা হৈছে বুলি শুকুৰবাৰে দিছপুৰত এক সংবামেলত সদৰী কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই। তেওঁ কয় যে মেঘালয়ৰ পানীৰ বাবে অসমত বানৰ সৃষ্টি হৈ আহিছে সেই বিষয়ত দৃষ্টিগোচৰ কৰাত উচ্চতম ন্যায়ালয়ে দুয়োখন ৰাজ্যৰ চৰকাৰক জাননী জাৰি কৰিছে। সেই জাননীৰ বাবেই দুই জুনত আলোচনা আহ্বান কৰা হৈছে।
গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বানৰ প্ৰসংগত বিষয়টো সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘শুক্ৰবাৰে যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে মই কোনো ৰাজ্যক দোষ নিদিওঁ। কিন্তু এয়া ঠিক যে গুৱাহাটী তথা যোৰাবাটত সৃষ্টি হোৱা বানৰ মুখ্য কাৰণ হ’ল মেঘালয়ত ব্যাপকৰূপত চলি থকা পাহাৰ খনন। ইপিনে, মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে বাংলাদেশত উৎপত্তি হোৱা নিম্নচাপৰ বাবে মেঘালয়ৰ লগতে গুৱাহাটীকে ধৰি পশ্চিম অসম আৰু দক্ষিণ অসম আৰু পাহাৰীয়া জিলাকেইখনত প্ৰৱল বৰষুণ হৈছে।
আজি বিয়লিলৈকে বতৰৰ এনে ৰূপ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই জনাইছে। এনে পৰিস্থিতিত সুৰক্ষাজনিত কাৰণত অসমৰ ন লাখ লোকৰ বিজুলী সংযোগ কর্তন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়। তদুপৰি গুৱাহাটীত এশটা ট্রেন্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে। এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয়, ‘ প্রসংগক্রমে কাইলৈ পর্যন্ত বতৰৰ পৰিস্থিতি জটিল হৈ থাকিব। আজি মেঘালয়তো যথেষ্ট বৰষুণ হৈছে।
মেঘালয়ৰ পৰা অসমলৈ পানীৰ ধল নামিছে। বৰষুণ বন্ধ হ’লেও মেঘালয়ৰ পানী অসমলৈ ১২ ঘন্টা পর্যন্ত পানী নামি থাকিব। মেঘালয়ৰ পানী অসমলৈ নামি আহোতে সিমান সময় লাগে। গুৱাহাটীত পৰিৱেশ ভাল হোৱাৰ সম্ভাৱনা থাকিলেও নামনি অসমত আৰু বেছি বৰষুণ হৈ থাকিব।’ গুৱাহাটীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে বৰষুণ চলি থাকিলে গুৱাহাটীৰ পৰিস্থিতি উন্নত হোৱাৰ আশা কম। বতৰ বিজ্ঞান কেন্দ্ৰই কৰা সম্ভাৱনীয়তাও ভাল নহয়।
গুৱাহাটীৰ জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রীয়ে কামৰূপ আৰু কামৰূপ মহানগৰত কৰ্মৰত দূৰৰ পৰা অহা আজিৰ দিনটো বিশেষ ছুটীৰ দিন হিচাপে ঘোষণা কৰে। তদুপৰি জিলা দুখনৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানো শনিবাৰে বন্ধ থাকিব বুলি মুখ্যমন্ত্রীয়ে জনায়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে শনিবাৰৰ দিন হিচাপে বন্ধ থাকিব বুলি কয়।
মুখ্যমন্ত্ৰীয়ে জিলা দুখনত ব্যক্তিগত প্রতিষ্ঠানত দূৰৰ পৰা অহা কৰ্মৰত কৰ্মচাৰীসকলকো শনিবাৰৰ দিনটোত ৰেহাই দিবলৈ কর্তৃপক্ষক আহ্বান জনায়। ইপিনে, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কাইলৈৰ দিনটোত জনসাধাৰণক পাৰ্যমানে যাতায়াত নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। একেদৰে পাহাৰৰ তলত আৰু পাহাৰৰ অঞ্চলত বাস কৰা লোকসকলক পানীৰ ধল আৰু সম্ভাৱনীয় ভূমিস্খলনৰ প্ৰতি সতর্ক থাকিবলৈ আহ্বান জনাইছে। তদুপৰি প্ৰাধিকৰণে মানুহক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে।
# নিয়ম অনুসৰি বহিষ্কাৰ
এই সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে শেহতীয়াকৈ ১৪ জন লোকক বাংলাদেশলৈ ‘পুছবেক‘ কৰা সন্দৰ্ভতো মতামত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে, সম্পূর্ণ নীতি-নিয়মৰ মাজেৰে এই কাম কৰা হৈছে। আগন্তুক দিনতো অধিক সংখ্যক লোকক এনেদৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে ‘পুছবেক’ কৰা সকলোৱেই আইন অনুসৰি বাংলাদেশী নাগৰিক। আনহাতে, ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্র দিব বুলি সিদ্ধান্ত কৰিছে। ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। এনে বিতর্কক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধানে দিয়া অধিকাৰৰ ভিত্তিত চৰকাৰে ভাবি-চিন্তি এই সিদ্ধান্ত গ্রহণ কৰিছে।