Flood :
বৃহস্পতিবাৰৰ পৰা অসমৰ লগতে চুবুৰীয়া ৰাজ্য কেইখনত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত চৌদিশে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷ ৰাজ্যজুৰি সৃষ্টি হৈছে জটিল পৰিৱেশৰ ৷ উত্তৰ অসম আৰু মধ্য অসমৰ দুটাকৈ জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰ আৰু হোজাইত বানৰ পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লয় ৷ একেদৰে অৰুণাচল,মিজোৰাম,মনিপুৰ, নাগালেণ্ডত আৰু ছিকিমতো ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে একাধিক স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ভূমিস্খলনৰ ঘটনাত মৃত্যু হৈছে শিশু-মহিলাসহ কমেও ১৫জন লোকৰ মৃত্যু।
লখিমপুৰত বানৰ তাণ্ডৱ ৷ পুৱতি নিশা প্ৰায় ২:৩০ বজাত নীপকোৰ ৰঙানদী বান্ধৰ গেট খুলি দিয়াত সৃষ্টি হয় ভয়াৱহ বানৰ৷ হঠাতে সৃষ্টি হোৱা বানে উটুৱাই নিলে বহু পৰিয়ালৰ ঘৰ- দুৱাৰ ৷ ঘৰৰ বয়বস্তু এৰি কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে বানাক্ৰান্তই ৷
একেদৰে হোজাইত কপিলী নৈৰ তাণ্ডৱ। কাৰ্বি লাংপিৰ খান্দং বান্ধৰ পানী এৰি দিয়াত ওফন্দি উঠিছে কপিলী নৈ। জলস্তৰ বৃদ্ধি হৈ ৰুদ্ৰৰূপ ধাৰণ কৰাত নৈপৰীয়া লোকসকলে ঢাপলি মেলিছে নিৰাপদ স্থানলৈ
ইপিনে মুষলধাৰ বৰষুণৰ ফলত বকোত বাঢ়নী পানীয়ে খহাই নিলে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। ইয়াৰ ফলত বন্ধ হৈ পৰিছে বকোৰ শিংৰা শালনিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হোৱাত ইতিমধ্যে পথৰ দুয়োফালে আবদ্ধ হৈ পৰিছে শ শ ট্ৰাক। এক নাজল-নাথল অৱস্থা। অৱশ্যে জিলা প্ৰশাসনে কিনকিনিয়া বৰষুণৰ মাজতে যুদ্ধকালীন তৎপৰতাৰে পথ মেৰামতি অব্যাহত ৰাখিছে
আনহাতে চলিত সপ্তাহৰ মাজভাগৰে পৰা অসম সহ চুবুৰীয়া পাৰ্বত্য ৰাজ্য কেইখনত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনত একাধিক স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
অৰুণাচলৰ দিৰাঙত শনিবাৰে পুৱা সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ প্ৰবল বৰষুণৰ ফলত উত্তৰ ছিকিমত একাধিক স্থানত হয় ভূমিস্খলন। নেৰানেপেৰা বৰষুণত ভয়াৱহভাৱে বৃদ্ধি পাইছে তিস্তা নৈৰ পানী। থীং আৰু চুংথাং অঞ্চলৰ কেইবাঠাইতো হৈছে ভূমিস্খলন। যাৰবাবে বিপৰ্যস্ত হৈছে অঞ্চলসমূহত ম’বাইল সংযোগ ব্যৱস্থা ৷
ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ সা-সম্পত্তি। ইতিমধ্যে সংশ্লিষ্ট ৰাজ্য কেইখনৰ সংশ্লিষ্ট প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰি বৃষ্টিপাতৰ সময়ছোৱাত নাগৰিকক ঘৰৰ বাহিৰলৈ ওলাবলৈ মানা কৰিছে ৷ একেদৰে ভূমিস্খলন সম্ভাৱনা থকা অঞ্চলবাসীক নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে ৷