Gaurav Gogoi :
লোকসভাৰ বিৰোধী দলৰ উপ- দলপতি তথা যোৰহাট সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব লাভ কৰাৰ পিছত আজি নিজ গৃহ জিলাত উপস্থিত হয় ৷
যোৰহাটৰ বিমান বন্দৰত গৌৰৱ গগৈক উস্ম আদৰণি জনাই কে’বা সহস্ৰাধিক সমৰ্থকে৷ গায়ন- বায়ন আৰু বিহু নৃত্যৰে আদৰি নিয়াৰ পিচত নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে ৰাইজৰ উদ্দেশ্যি কয় তেওঁৰ পিতৃভূমি আৰু বংশাৱলীৰ দেশ প্ৰেমৰ ধাৰাৰ অব্যাহত ৰাখিব ৷ যোৰহাটৰ ৰঙাযানৰ পৰাই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈয়ে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল ৷ সেয়ে ময়ো ইয়াত প্ৰথমেই পদাৰ্পণ কৰি গুৱাহাটী উপস্থিত হ’ম বুলি ভাবিছো ৷ যোৰহাটৰ দৰে ঐতিত্যমণ্ডিত ক্ষেত্ৰ খনক লোকসভা প্ৰতিনিধিত্ব কৰাৰ দৰে দায়িত্ব পোৱাৰ পিচত শেহতীয়াকৈ এপিচিচিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰাত আগন্তুক দিনত দলৰ সকলো পৰ্যায়ৰ কৰ্মীৰ আস্থাক লৈ দলটোক ৰাইজৰ পদূলিলৈ নিয়াৰ কামত আত্মনিয়োগ কৰিম ৷ গগৈয়ে আৰু কয় য়ে প্ৰতিকুল বতৰকো নেওচি ৰাইজে আজি মোৰ প্ৰতি যি মৰম আগবঢ়ালে তাৰ বাবে মই কৃতজ্ঞ ৷
সম্বৰ্ধনা সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাষণ দিয়ে ৷ উপস্থিত থাকে ,এপিচিচি তিনি নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ,ৰৌজলীনা তিৰ্কী,প্ৰদীপ চৰকাৰ,তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা,ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ সহ বহু কেই গৰাকী কংগ্ৰেছ নেতা ৷